টীয়কৰ বানপীড়িতৰ কাষত প্রাগ নিউজ-দৈনিক জনমভূমি

dainik janambhumi July 25, 2026

ডিজিটেল ডেস্ক : ভয়াৱহ বান পৰিস্থিতিৰ মাজতে টীয়কৰ ধনতোলা অঞ্চলৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিলে প্রাগ নিউজ-দৈনিক জনমভূমি পৰিয়াল। বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ মাজত বিশুদ্ধ খোৱাপানী বিতৰণ কৰি মানৱীয় দায়িত্ব পালন কৰে। 

কেইবাদিনো ধৰি অব্যাহত থকা বান পৰিস্থিতিৰ ফলত অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰ তীব্র সংকটৰ সৃষ্টি হৈছে। এনে দুৰ্যোগৰ সময়ত প্রাগ নিউজ-দৈনিক জনমভূমি পৰিয়ালে আগবঢ়োৱা এই সহায়ে বানপীড়িত ৰাইজক কিছু পৰিমাণে সকাহ প্ৰদান কৰে। সহায় সামগ্রী লাভ কৰা স্থানীয় লোকসকলে প্রাগ নিউজ-দৈনিক জনমভূমিৰ এই উদ্যোগৰ শলাগ লৈ কৃতজ্ঞতা প্রকাশ কৰে। 

সংবাদ পৰিৱেশনৰ দায়িত্ব পালনৰ সমান্তৰালভাৱে সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি আগবাঢ়ি অহা প্রাগ নিউজ-দৈনিক জনমভূমিৰ এই মানৱীয় পদক্ষেপক বিভিন্ন মহলে প্রশংসা কৰিছে।

Share This