ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনত বি টি চিৰ ১৫খন আসন থাকিব এন ডি এ মিত্ৰজোঁটৰ দখলত। বি টি চিৰ ৰাজনীতিত বিৰোধী বুলি কোনো শব্দ নাই।- এই দাবী বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ। দেওবাৰে বি টি চিৰ ভেৰগাঁও বিধানসভা সমষ্টিত বি পি এফৰ 'দিছপুৰ চলো অভিযান'ত উপস্থিত থাকি বি টি চি প্রধানগৰাকীয়ে এই দাবী কৰি সমাগত নিৰ্বাচনত বৃহৎ জয়েৰে ড° হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্রী হ'ব বুলি দাবী কৰে। গোসাঁইগাঁৱৰ পৰা আৰম্ভ হোৱা দিছপুৰ চলো কাৰ্যসূচী কালি ভেৰগাঁৱত অন্তিম দিনা অংশগ্রহণ কৰি বি পি এফ প্রধানগৰাকীয়ে নৱনিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ প্রমোদ বড়োকো আক্ৰমণৰ লক্ষ্য কৰি লয়।
'দিল্লী নহয়, প্রমোদ বড়ো ছিংগাপুৰলৈ যাব' বুলি কটাক্ষ কৰে হাগ্ৰামাই। নির্বাচনলৈ মাজত মাথোঁ এটা মাহ বাকী থকা অৱস্থাত বি টি চিত বলিছে নিৰ্বাচনৰ গৰম বতাহ। এতিয়ালৈকে কোনো দলে প্রার্থী ঘোষণা কৰা নাই যদিও বি টি চিৰ ১৫টা সমষ্টিতে প্রতিটো দলে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ। বি টি চিত বিজেপি আৰু বি পি এফে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও প্রমোদ বড়োৰ ইউ পি পি এলে একলা চলো নীতি অৱলম্বন কৰিব বুলি ঘোষণা কৰিছে দলটোৱে। বি পি এফৰ বেয়া দিনত দল এৰা প্ৰায় এক ডজন নেতাই কালিৰ সভাত হাগ্রামা মহিলাৰীৰ উপস্থিতিত পুনৰ বি পি এফত যোগদান কৰে। ভেৰগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ফটিক কছাৰী, ননৈ চেৰফাং সমষ্টিৰ প্রাক্তন পাৰিষদ সুৰেশ তাঁতী, গৰুৱাঝাৰ ভি চি ডি চিৰ প্ৰাক্তন অধ্যক্ষ খবিৰ আহমেদ, তৃণমূল কংগ্ৰেছৰ বিজয় বৈশ্যকে ধৰি প্ৰায় দুই শতাধিক বিজেপি-ইউ পি পি এল নেতাই দলটোত আনুষ্ঠানিকভাবে যোগদান কৰে।
হাগ্রামা মহিলাৰীৰ দিছপুৰ চলো অভিযান অনুষ্ঠানত উপস্থিত থাকে প্রাক্তন বিধায়িকা কমলী বসুমতাৰী, বিধায়ক দুর্গা দাস বড়ো, খাম্পা বৰগয়াৰী, টি এল চি চিৰ অধ্যক্ষ বিক্রম দৈমাৰী, ই এম লৌমশ্রাও দৈমাৰী, এম চি এল এ পল টপ্প, প্রাক্তন বিধায়ক মহেশ্বৰ বড়ো, বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ ৰিঞ্জয় বসুমতাৰী, কাষ্টম বসুমতাৰী, কৃষ্ণকান্ত বসুমতাৰীকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ দলীয় নেতা-কর্মী।