আহ ৰহিমলা, একেটা ঘাটতে পানী খাওঁ

Kakali Deka February 23, 2024

ডিজিটেল ডেস্কঃ মায়ে পুৱাই ফ’ন কৰিছিল৷ তেতিয়াই মাক সুধিছিলোঁ– মই এতিয়া কি কৰিম? অসহায় পুত্ৰৰ মাকলৈ প্ৰশ্ন৷ পুত্ৰই কি কৰিব সিদ্ধান্ত ল’ব পৰা নাই৷ দিশহাৰা পুত্ৰক মাকে ক’লে– ‘জাগাতে থাক৷’ মাতৃৰ কথা শুনাৰ পাছতে অকলে হ’লেও জাগাতে থকাৰ সিদ্ধান্ত ল’লে পুত্ৰই৷ কাৰণ মাকৰ কথা তেওঁ কেনেকৈ পেলাব? এনেয়ে কয়নে– আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? এয়া কোনো এল পি, এম ই বা হাইস্কুলৰ শিক্ষাৰ্থীৰ স্বীকাৰোক্তি নহয়৷ এই স্বীকাৰোক্তি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ৷ এই স্বীকাৰোক্তি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ৷ এইজন দেৱব্ৰত শইকীয়াই দলৰ সুখৰ দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰো সপোন দেখিছিল৷ এইজন দেৱব্ৰত শইকীয়াই ২০২৬ত দিছপুৰত কংগ্ৰেছ চৰকাৰ গঠন কৰি নিজে মুখ্যমন্ত্ৰী হোৱাৰ দৌৰতো নমাৰ প্ৰস্তুতি চলাইছিল৷

মানুহৰ সাহস আৰু বুদ্ধিমত্তা তেতিয়াহে চিনিব পাৰি, যেতিয়া তেওঁৰ সন্মুখত গভীৰ প্ৰত্যাহ৩ান আহে৷ সন্মুখত প্ৰত্যাহ৩ান নথকাকৈ খোজ দিয়া মানুহৰ সাহস আৰু বুদ্ধিমত্তা চিনি পোৱাৰ  সুযোগ নাথাকে৷ এইবোৰ কাৰণতে অসমৰ সমাজ জীৱনত অখিল গগৈ, অজিত কুমাৰ ভূঞাৰ প্ৰাসংগিকতা আছে আৰু থাকিব৷ ব্যক্তিগতভাৱে দুয়োজনকে অতি ওচৰৰ পৰা পাইছোঁ৷ দুয়োজনৰ জীৱনলৈ অহা গভীৰ প্ৰত্যাহ৩ান দেখিছোঁ৷ বুদ্ধিমত্তা আৰু সাহসেৰে সেই প্ৰত্যাহ৩ানৰ মুখামুখি হৈ তেওঁলোক জয়ী হৈছে৷ অসমৰ ৰাইজৰ বাবে দুৰ্ভাগ্য যে এই প্ৰত্যাহ৩ান গ্ৰহণ কৰিব পৰাকৈ অসম প্ৰদেশ কংগ্ৰেছত কোনো নেতা আজিৰ তাৰিখত নাই৷ আজমলে এনেয়ে কোৱা নাই– অসমৰ বেছিভাগ কংগ্ৰেছী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় অনুগ্ৰহ প্ৰাৰ্থী, নহয় বেতনভোগী৷ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ভূমিকা আৰু অধিক সন্দেহজনক হৈ পৰিছে৷

বৰ্তমান কংগ্ৰেছৰ সন্মুখত ইমান ডাঙৰ প্ৰত্যাহ৩ান অহা নাই, যি প্ৰত্যাহ৩ান প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে মোকাবিলা কৰিব নোৱাৰিলেহেঁতেন! আচলতে সুবিধাবাদ আৰু লোভে কংগ্ৰেছ দলৰ নেতাসকলক জোকাৰি পেলাইছে৷ এয়াও সত্য যে মেৰুকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দিয়াসকলৰ বেছিভাগেই কিন্তু হিন্দুধৰ্মাৱলম্বী৷ তেওঁলোক কোনোবা গগৈ, গোহঁাই, ভূঞা, তালুকদাৰ, দাস, গোস্বামী, শৰ্মা, বৰা আদি৷ দুৰ্ভাগ্যবশতঃ ৰাজনীতিত কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক সংখ্যালঘু বিধায়কৰ সুবিধাবাদী চৰিত্ৰ প্ৰকট হৈছে৷ আনকি এ আই ইউ ডি এফৰ ৰাজনীতিও ধৰ্মনিৰপেক্ষ হৈ থকা নাই৷ এ আই ইউ ডি এফে কৰা ৰাজনীতিয়ে আটাইতকৈ বেছি বিজেপিক সহায় কৰাৰ অভিযোগ উলাই কৰিব নোৱাৰি৷

২০০১ত অগপৰ শাসনৰ পৰা অসমক মুক্ত কৰি তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হৈছিল৷ সেই সময় ওচৰৰ পৰা দেখিছোঁ৷ তৰুণ গগৈয়ে কিদৰে কংগ্ৰেছক ক্ষমতালৈ আনিছিল আৰু ১৫ বছৰ কিদৰে শাসনত আছিল, সেয়া এতিয়াও অসমৰ মানুহৰ স্মৃতিৰ পৰা মচ খাই যোৱা নাই৷ ২০১৬ত কংগ্ৰেছ চৰকাৰৰ পতনৰ দুটা প্ৰধান কাৰণ আছিল ক্ষমতাকেন্দ্ৰিক বিসম্বাদ আৰু জাতীয় স্বাভিমান গঁড় হত্যা৷ ইয়াৰ পাছৰখিনি ইতিহাস৷

২০১৬ত দিছপুৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত পৰ্যায়ক্ৰমে কংগ্ৰেছৰ ৰং সলনি হ’ল৷ আজি ২০২৪ত কংগ্ৰেছত সুবিধাবাদীৰ মুকলি বিচৰণ আমি সকলোৱে দেখিছোঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ মজিয়াত কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰা কেইবাটাও গুৰুতৰ অভিযোগৰ এটা আছিল– নতুন প্ৰজন্মক এই দলটোৱে গুৰুত্ব নিদিয়ে৷ নতুন প্ৰজন্মৰ দক্ষ আৰু প্ৰতিভাৱানক দায়িত্বৰ পৰা আঁতৰাই ৰখাৰ বাবেই দলটো অপ্ৰাসংগিক হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে অনা অভিযোগ মিলিন্দ দেওৰা, শচীন পাইলট, শশী থাৰুৰৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হৈছে৷

এই যে মাতৃৰ কথা শুনি সদ্যহতে বিজেপিলৈ নাযাওঁ বুলি কোৱা দেৱব্ৰত শইকীয়া, এওঁৰ কংগ্ৰেছৰ প্ৰতি কিবা অৱদান আছেনে? পিতৃ অসমৰ দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল৷ এটা কাৰ্যকালক অসমৰ ৰাইজে অবৈধ হিচাপে স্বীকৃতি দিছিল৷ পাছৰটো কাৰ্যকালত বিভাজনৰ ৰাজনীতি আৰু সংবাদ মাধ্যমৰ টেঁটুচেপা দিয়াৰ ইতিহাসহে সংবাদপত্ৰৰ পাতে পাতে ক’লা আখৰেৰে লিপিবদ্ধ হৈ আছে৷  অসমত কংগ্ৰেছৰ উত্থানত দেৱব্ৰত শইকীয়াৰ অৱদান কিমান, সেয়া ৰাইজক সুধিব লাগিব নেকি? দলৰ সতীৰ্থ আৰু দক্ষ নেতা-কৰ্মীৰ বিৰুদ্ধে হাইকমাণ্ডলৈ ইখনৰ পাছত সিখন গোপন পত্ৰ লিখি অভিযোগ দিয়াৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে আছে৷ এই অভিযোগ কিমান সঁচা, কিমান মিছা, সেয়া শইকীয়াৰ বাহিৰে আপুনি-মই জনাৰ সুযোগ নাই৷ কিন্তু এই অভিযোগ কংগ্ৰেছৰ আন নেতাৰ বিৰুদ্ধে নাই৷ শইকীয়া আৰু এগৰাকী বিধায়ক মিলি অংকিতা দত্তৰ দৰে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান তৰুণীক দলত একাষৰীয়া কৰাৰ অভিযোগো আছে৷ অতি দুৰ্বল স্থিতি, ভাষণত কোনো ধৰণৰ সন্মোহন নথকা দেৱব্ৰত শইকীয়া কিদৰে বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছিল, সেয়া সকলোৰে বাবে এতিয়াও বিস্ময়৷ বিজেপিৰ দৰে আগ্ৰাসী এটা ৰাজনৈতিক দলক ভেটা দিবৰ বাবে দেৱব্ৰত শইকীয়াক বিধায়িনী দলৰ নেতাৰ দায়িত্ব দিয়াসকলো কংগ্ৰেছৰ শুভ চিন্তক বুলি ক’ব নোৱাৰি৷ এনেদৰেই কংগ্ৰেছে খুঁটি পুতি বাৰে বাৰে উজুটি খাইছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মালৈ বিজেপিৰ প্ৰতিগৰাকী নেতা ভাষণত সিদ্ধহস্ত৷ বহুক্ষেত্ৰত এওঁলোকে সত্যৰ অলপ ইফাল-সিফাল কৰিও জনতাক পতিয়ন নিয়াব পৰাকৈ শক্তিশালী ভাষণ দিব পাৰে৷ সন্মোহনী ভাষণ দিব পৰাটোও এক কলা৷ সম্প্ৰতি ভাৰতীয় ৰাজনীতিত ৰাজনীতিকৰ ভাষণ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ মনমোহন সিঙৰ কথা কিছু সুকীয়া৷ নৰেন্দ্ৰ মোদীৰ ভাষণেই এতিয়া বিজেপিৰ প্ৰধান সম্পদ হৈ পৰিছে৷ সত্তৰ ঊধবৰ্ মোদীক সন্মুখত লৈ বিজেপিয়ে কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে৷ ইয়াতো মোদীৰ ভাষণেই বিজেপিৰ প্ৰধান চালিকা শক্তি৷

একেদৰে অসম বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সন্মুখত দেৱব্ৰত শইকীয়াৰ বক্তব্য অতি দুৰ্বল৷ এজন ৰাজনীতিকৰ শাৰীৰিক ভাষায়ো বহু কথা কয়৷ ভাষণত দুৰ্বল দেৱব্ৰত শইকীয়াৰ শৰীৰৰ ভাষাও নিশকতীয়া৷ এনেকুৱা নেতাক অসমৰ ৩.৪০ কোটি নাগৰিকে ভৰসা কৰি ভৱিষ্যৎ সপি দিব বুলি ভবাটো কংগ্ৰেছ দলটোৰ মূৰ্খামি নহয়নে? অসমৰ মানুহ ইমান মূৰ্খ নহয় যে তেওঁলোকে মাকক সুধি কংগ্ৰেছত থাকিবনে বিজেপিলৈ যাব, সিদ্ধান্ত লোৱা নেতাক ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰিব৷

কংগ্ৰেছৰ বহু বিধায়ক বিজেপিলৈ যাব, এয়া নিশ্চিত৷ হিন্দু ধৰ্মাৱলম্বীসকলে প্ৰত্যক্ষভাৱে বিজেপিত যোগ দিব৷ ইছলাম ধৰ্মাৱলম্বীসকলে প্ৰত্যক্ষভাৱে বিজেপিলৈ নগৈ বিজেপিৰ সহযোগী অগপত ভৰ্তি হ’ব৷ কাৰণ ২০২৬ত দেৱব্ৰত শইকীয়া, ভূপেন বৰাৰ দৰে নেতাক ভৰসা কৰিলে এওঁলোক পুনৰ বিধায়ক হ’ব নোৱাৰিব বুলি নিশ্চিত হৈছে৷ কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱৰা এই নেতাবোৰৰ আটায়ে বিজেপিত যোগ দিলেও আচৰিত হ’বলগীয়া নাই৷ হয়তো ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে দেৱব্ৰত শইকীয়াই বিজেপিত যোগ দিব৷ কাৰণ তেওঁ পুনৰ নাজিৰাৰ বিধায়ক হ’ব লাগিব৷ যি নেতাই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্ভৰ কৰি বিধায়ক হোৱাৰ সপোন দেখে, সেই নেতাক ভৰসা কৰি অসমৰ ৰাইজে কিয় কংগ্ৰেছক নিৰ্বাচনত ভোট দিব?

কংগ্ৰেছত বৰ্তমান আৰম্ভ হোৱা বিপৰ্যয়ৰ বাবে দেৱব্ৰত শইকীয়াৰ লগতে  আৰু এগৰাকী বিধায়কক সকলোৱে জগৰীয়া কৰিছে৷ এইগৰাকী বিধায়কক মাজনিশা মুখ্যমন্ত্ৰীৰ ঘৰত দেখা মানুহৰ অভাৱ হোৱা নাই৷ কংগ্ৰেছ হাইকমাণ্ড ইমান দুৰ্বল যে এই সত্য আৱিষ্কাৰ হোৱাৰ পাছতো সেইগৰাকী বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস কৰিব পৰা নাই৷ আনকি অসমৰ দায়িত্বত থকা এ আই চি চিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সন্দেহজনক ভূমিকা হাইকমাণ্ডে তদন্ত কৰি ব্যৱস্থা লোৱাৰ প্ৰয়োজন হৈছে৷ এনেকুৱা সুবিধাবাদীৰে ভৰপূৰ কংগ্ৰেছৰ আত্মঘাতী ৰাজনীতিৰ বাবে আন বিৰোধী দলবোৰে শাস্তি মূৰপাতি লোৱাৰ কাৰণ থাকিব নোৱাৰে৷ অসমত কংগ্ৰেছৰ উদ্যোগতে বহু হুলস্থূল কৰি বিৰোধী দলৰ এখন উমৈহতীয়া মঞ্চ গঠন কৰা হৈছিল৷ এই মঞ্চত আপ, বাওঁপন্থী, ৰাইজৰ দল, অজাপকে ধৰি ১৫টামান দল সমৱেত হৈছিল৷ ইয়াৰে দুটা দল ইতিমধ্যে মঞ্চৰ পৰা ওলাই গৈছে৷ আপ আৰু তৃণমূল কংগ্ৰেছে নিজাকৈ তিনি-চাৰিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে৷ বৰপেটা বাওঁপন্থীয়ে আৰু ডিব্ৰুগড় অজাপই বিচাৰিছে৷ দুয়োটা দল এতিয়াও কিন্তু মৰ্চাৰ অংশীদাৰ হৈয়ে আছে৷ কংগ্ৰেছৰ বিপৰ্যয় আৰু বিজেপিপ্ৰীতি ৰাজহুৱা হোৱাৰ পাছত মৰ্চাৰ অংশীদাৰ আন দলবোৰ স্বাভাৱিকতে লজ্জিত৷ এনেকুৱা নীতিহীন আৰু দুৰ্বল, সুবিধাবাদীৰে ভৰি থকা কংগ্ৰেছৰ সৈতে মৰ্চা গঠন কৰি বিজেপিক পৰাজিত কৰাৰ ধ্বনি দিয়াটোৱে এতিয়া লজ্জাজনক বিষয়৷

যি সময়ত কংগ্ৰেছত ইজনে সিজনক চিপৰাং মৰা ৰাজনীতিত ব্যস্ত, সেই সময়ত বিজেপিয়ে বুথ পৰ্যায়ত গৈ জনতাক ভোটৰ বাবে সাজু কৰিছে৷ কংগ্ৰেছৰ লজ্জাজনক অৱস্থাটোৱে বিজেপিক ঐক্যবদ্ধ হৈ ভোট যুদ্ধত নামিবলৈ উৎসাহিত কৰিছে৷ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ ব্যৰ্থতা আৰু দুৰ্বল স্থিতিয়ে অনুগামীসকলক হতাশ কৰিবই৷ শাসক পক্ষৰ বিৰুদ্ধে ক’বলগীয়া বহু কথাই আছিল৷ কংগ্ৰেছ দলটোৱে বিজেপিৰ বিৰুদ্ধে যিধৰণে যুঁজত নামিব লাগিছিল, সেই যুঁজখন অখিল গগৈয়ে অকলে সদনৰ বাহিৰে-ভিতৰে কৰিবলগীয়া হৈছে৷ অখিল গগৈকো সদনত দেৱব্ৰত শইকীয়াই যি ধৰণে সহযোগিতা কৰিব লাগিছিল, সেয়া কৰা নাই৷ গতি-বিধিয়ে এই ইংগিত দিছে যে দেৱব্ৰত শইকীয়া বিজেপিলৈ যাব৷ ভীতিগ্ৰস্ততাত ভোগা দেৱব্ৰত শইকীয়াক কংগ্ৰেছ হাইকমাণ্ডে তাৎক্ষণিকভাৱে বিধায়িনী দলৰ দলপতিৰ পৰা অপসাৰিত কৰিব লাগিছিল৷ এইটো কৰিবলৈকো হাইকমাণ্ডৰ সাহসৰ অভাৱ৷ কংগ্ৰেছ হাইকমাণ্ড বুলিলে মল্লিকাৰ্জুন খৰ্গে আক্ষৰিক অৰ্থতহে আছে৷ কংগ্ৰেছৰ মূল  তাৰকা ৰাহুল গান্ধীয়েই৷ সেইগৰাকী ৰাহুল গান্ধী কংগ্ৰেছৰ পথ প্ৰদৰ্শক, যিগৰাকীয়ে নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত গৃহৰাজ্য এৰি কেৰালালৈ ঢাপলি মেলিছিল৷

দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো ন্যায় যাত্ৰাও বিফল৷ বিজেপিৰ বিৰুদ্ধে কেৱল আদানি আৰু অ’ বি চিৰ ধবনি দিয়া ৰাহুল গান্ধীয়ে এতিয়াও তৃণমূল পৰ্যায়ৰ মানুহৰ মনৰ উমান নোপোৱাটো কংগ্ৰেছৰ বাবে ক্ষতিকৰ৷ সাধাৰণ নাগৰিকৰ মাজলৈ কোনবোৰ বিষয় লৈ বিজেপি গৈছে, সেই কথাবোৰ কংগ্ৰেছ হাইকমাণ্ডে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছিল৷  নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ ভাষণ শুনিলে এনে লাগে যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ বৰ্তি আছে আৰু বিজেপি বিৰোধী শিবিৰত৷ সাধাৰণ নাগৰিকক বিজেপিয়ে কিদৰে কংগ্ৰেছৰ প্ৰসংগ আনি বিভ্ৰান্ত কৰিছে, তাৰ উত্তৰ অসমত দেৱব্ৰত শইকীয়াই দিব পাৰিব বুলি আপুনি ভাবিব পাৰেনে? কংগ্ৰেছৰ ব্যৰ্থতা আৰু জনতাৰ পৰা বিচ্ছিন্ন হোৱাৰ কাৰণ এইবোৰেই নহয়নে?

ইমানৰ পাছতো কংগ্ৰেছক সন্মুখত লৈ অসম তথা ভাৰতত বিৰোধী ঐক্যবদ্ধ হৈছিল৷ এতিয়াও কংগ্ৰেছৰ শুভবুদ্ধিৰ উদয় হ’ব আৰু বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজত নামিব বুলি ৰাইজৰ দল, অজাপ আৰু বাওঁ মৰ্চা ৰৈ আছে৷ সকলোৰে কংগ্ৰেছৰ প্ৰতি এটাই আহ৩ান– বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত বিৰোধীৰ এজন প্ৰাৰ্থী দিব লাগে৷ এই সূত্ৰ কংগ্ৰেছৰ সুবিধাবাদে নষ্ট কৰাৰ পথত৷ অসমৰ ৰাইজক আচৰিত  কৰি কমলাক্ষ, বসন্ত ফাগুনতে বিজেপিলৈ গ’ল৷ বাকীসকলো লাহে লাহে যাবলৈ ওলাইছে৷ এতিয়া দেৱব্ৰত শইকীয়াৰ লগতে বিজেপিৰ পদূলিমুখত  পৰ দি থকা কংগ্ৰেছীক মুখ্যমন্ত্ৰীয়ে মাতি আছে– ‘আহ ৰহিমলা! একেটা ঘাটতে পানী খাওঁ৷’

Share This