শীঘ্রেই পদত্যাগ কৰিব বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে

dainik janambhumi July 24, 2026

ডিজিটেল ডেস্ক : বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে শীঘ্রেই পদত্যাগ কৰাৰ সম্ভাৱনা আছে। প্রায় দুবছৰ কাৰ্যকাল চলোৱা ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে পদত্যাগ কৰিব বুলি দেশখনৰ ৰাজনৈতিক সূত্ৰসমূহ আৰু সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। 


উল্লেখযোগ্য যে দেশখনৰ সর্বোচ্চ পদবীটোত ছাহাবুদ্দিনক পূৰ্বৰ সংসদে নির্বাচিত কৰিছিল আৰু শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱা ২০২৪ চনৰ জুলাই-আগষ্টৰ ছাত্ৰ বিক্ষোভৰ পাছতো ছাহাবুদ্দিনেই হৈছে একমাত্র ব্যক্তি যিয়ে দেশখনৰ সাংবিধানিক মুৰব্বী পদটোত কাৰ্যনিৰ্বাহ কৰি আছিল। 

প্রধানমন্ত্রী তাৰেক ৰহমানৰ নেতৃত্বৰ বি এন পিৰ চৰকাৰখনৰ এজন জ্যেষ্ঠ মন্ত্রীয়ে পি টি আইক কয় যে শীঘ্ৰেই ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে পদত্যাগ কৰিব। ৰাষ্ট্ৰপতি ছাহাবুদ্দিনৰ সৈতে বৰ্তমানৰ বাংলাদেশৰ চৰকাৰখনৰ মতবিৰোধ হোৱাৰ কাৰণে ৰাষ্ট্ৰপতিজনে পদত্যাগ কৰিব বুলি ইতিমধ্যে বাংলাদেশৰ কেইবাটাও মূলসুঁতিৰ সংবাদ প্রতিষ্ঠানে বাতৰি প্ৰকাশ কৰিছে।

Share This