বজাৰত দাম বৃদ্ধিয়ে কোঙা কৰিছে গ্রাহকক, ছিণ্ডিকেটৰ জৰিয়তে ধন ঘটাৰ অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক : সমগ্র দেশত দাম বৃদ্ধিয়ে দানৱ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণ জনসাধাৰণৰ জীৱনলৈ দুর্যোগ কঢ়িয়াই অনাৰ সময়তে বকলীয়াঘাটত কর্তৃত্ববিহীনভাৱে প্ৰায় সকলো সামগ্ৰীৰ দাম বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সৰ্বসাধাৰণ গ্রাহকক। বাহিৰৰ পৰা ব্যৱসায় কৰিবলৈ অহা বেপাৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰি ছিণ্ডিকেটৰ জৰিয়তে এচামে ধন ঘটাৰ পৰিপ্ৰেক্ষিততে এনে দাম বৃদ্ধিয়ে সম্প্রীতি গ্ৰাস কৰি পেলাইছে অঞ্চলটোৰ ৰাইজক বুলি অভিযোগ উত্থাপন হৈ আহিছে। বকলীয়াঘাটত এখন নগৰ সমিতি আছে যদিও এনে অনিয়মৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও দি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে ঘনে ঘনে নাটকৰ পট পৰিৱৰ্তন কৰাত ব্যস্ত। সাধাৰণ জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনা এনে অনিয়মৰ বাবে গ্রাহক ৰাইজৰ পৰা তীব্ৰ অভিযোগ আহিছে।

উদাহৰণস্বৰূপে ৩০টা কণীৰ মূল্য জিলাখনৰ গাতে লাগি থকা নগৰ হাওৰাঘাটত ১৭০ৰ পৰা ১৮০ টকা হোৱাৰ পৰিৱৰ্তে বকলীয়াঘাট বজাৰত ইয়াৰ মূল্য ২১০ টকা। বিলাহীৰ মূল্য প্রতি কেজিত সীমান্তবর্তী নগাঁও জিলাত ২০ টকাৰ পৰা ৩০ টকা হোৱাৰ পৰিৱৰ্তে বকলীয়াঘাটত কেজিয়ে প্রতি ৬০ টকা দৰত কিনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

সেইদৰে আলু-পিঁয়াজ আদিৰো মূল্য আন সামগ্ৰীৰ তুলনাত অধিক বৃদ্ধি পাইছে। এই সন্দৰ্ভত বকলীয়াঘাটৰ সাংবাদিক অনুৰাগ দত্তই ডকমকাত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিবলৈ অহা এখন সভাত দাম বৃদ্ধি সম্পর্কত সোধা প্রশ্নত নিৰ্বাচনৰ পাছতেই ইয়াৰ বিষয়ে আলোচনা কৰাৰ আশ্বাস প্রদান কৰিছিল যদিও বর্তমান সময়লৈকে ইয়াৰ কোনো ইতিবাচক সঁহাৰি ৰাইজে লাভ কৰা নাই।

Share This