ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধই ভাৰতৰ ঔষধৰ বজাৰতো প্ৰভাৱ পেলাইছে। ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা কেঁচা মালৰ দাম বৃদ্ধিৰ ফলত এতিয়া ভাৰতত বিভিন্নধৰণৰ ঔষধৰ লগতে চিকিৎসা সঁজুলিৰ দাম ২০-২৫% বৃদ্ধিৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত বিষনাশক আৰু জ্বৰত ব্যৱহাৰ কৰা ঔষধৰ লগতে অস্ত্রোপচাৰত ব্যৱহাৰ কৰা বিভিন্নধৰণৰ সঁজুলি তথা আন সামগ্রীও আছে।
ঔষধ উৎপাদক তথা ৰপ্তানকাৰী লক্ষ্য খান্নাই জনোৱা মতে, ঔষধ উৎপাদনত ব্যৱহাৰ কৰা কেমিকেল কম্প'নেন্ট, প্লাষ্টিক আৰু এলুমিনিয়ামৰ দাম শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ঔষধ কোম্পানীসমূহৰ উৎপাদন ব্যয়ত পৰিছে। উল্লেখযোগ্য যে টেবলেট আৰু ছিৰাপ উৎপাদনৰ লগতে ইয়াৰ পেকেজিঙত প্লাষ্টিক আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। লক্ষ্যই এখন প্রতিবেদনৰ উদ্ধৃতি দি কয় যে জ্বৰত ব্যৱহাৰ কৰা ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা কেঁচা মালৰ দাম প্রায় ৪৭%, বিষ নাশক ডাইক্ল'ফেনাকৰ দাম ৫৪% আৰু ডাইক্ল 'ফেনাক পটাছিয়ামৰ দাম প্রায় ৩৩% বৃদ্ধি পাইছে।
এন্টিবায় 'টিক ঔষধ এম 'ক্সিচিলিন ট্রাইহাইড্রেটৰ দাম ৪৫% আৰু চিপ্ৰ'ফ্লক্সাচিনৰ দাম প্রায় ৬২% বৃদ্ধি পাইছে। ঔষধ ব্যৱসায়ী আশিস গ্রোভাৰে জনোৱা মতে, অস্ত্রোপচাৰত ব্যৱহাৰ কৰা সা-সঁজুলি তথা বিভিন্ন সামগ্ৰীৰ দামো ২০-২৫% বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে কেঁচা মালৰ পৰা ঔষধৰ পেকেটিং কৰা সামগ্ৰীৰো দাম বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ নতুনকৈ বজাৰলৈ অহা ঔষধত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে বুলি গ্রোভাৰে
কয়।