সৰ্বসাধাৰণক সকাহ দিয়াৰ লক্ষ্য কেন্দ্ৰৰ, দাম কমিব ভিটামিন, কেলচিয়ামসহ ৩০ বিধ ঔষধৰ

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক: দাম বৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ সময়তে ঔষধত হোৱা ব্যয়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ বাবে চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰে। ঔষধৰ দাম নিয়ন্ত্ৰণ কৰাৰ চৰকাৰী সংস্থা নেশ্যনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে (এন পি পি এ) ৩০বিধ ঔষধ ফর্মুলেশ্যনৰ খুচুৰা দাম নির্ধাৰণ কৰি দিয়ে। ইয়াৰ দ্বাৰা যিসকল ৰোগীয়ে নিয়মীয়াকৈ ভিটামিন, কেলচিয়াম আৰু আন প্রয়োজনীয় ঔষধ সেৱন কৰে তেওঁলোকে সকাহ লাভ কৰিব। 

এন পি পি এই দাম নির্ধাৰণ কৰা ঔষধসমূহৰ ভিতৰত ভিটামিন-ডি অৰেল, কেলচিয়াম, ভিটামিন ডি৩, মেথিলকোমাইচিনৰ দৰে ঔষধো আছে। এই ঔষধসমূহ সাধাৰণতে হাড় শক্তিশালী কৰা, ভিটামিনৰ প্ৰয়োজন হোৱা, নাৰ্ভৰ সৈতে জড়িত সমস্যা আৰু শৰীৰৰ পুষ্টিহীনতা দূৰ কৰাৰ বাবে চিকিৎসকে ৰোগীক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। এন পি পি এই প্রকাশ কৰা এখন অধিসূচনাৰ পৰা জানিব পৰা মতে, কেলচিয়াম আৰু ভিটামিন টেবলেটৰ প্ৰতিটোৰ দাম ১৯.৭৮ টকা নিৰ্ধাৰণ কৰে। 

ভিটামিন ডি৩ অৰেলৰ প্ৰতি মিলিলিটাৰৰ দাম ১৯.৯১ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিষনাশক ঔষধৰো দাম নির্ধাৰণ কৰা হৈছে। এন পি পি এই ড্রাগ প্রাইচ কন্ট্রল অৰ্ডাৰ (ডি পি চি অ') ২০১৩ ৰ অধীনত এই নির্দেশ জাৰি কৰে। ইয়াৰ ফলত ৰোগীৰ ব্যয়ৰ বোজা হ্রাস পাব বুলি আশা কৰা হৈছে।

Share This