প্রধানমন্ত্রীক 'ধর্ম চক্ৰৱৰ্তী' উপাধি প্রদান

dainik janambhumi June 29, 2025

ডিজিটেল ডেস্ক : জৈন সন্ত আচার্য শ্রী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবার্ষিকীত শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক 'ধর্ম চক্রৱর্তী' উপাধিৰে বিভূষিত কৰা হয়। দিল্লীৰ বিজ্ঞান ভৱনত প্রধানমন্ত্রীয়ে এই সম্মান গ্রহণ কৰি দিয়া ভাষণত কয়, 'এই অনুষ্ঠানত আপোনালোকে মোক 'ধর্ম চক্রবর্তী' উপাধিবে সম্মানিত কৰিলে। মই এই সম্মানৰ বাবে নিজকে উপযুক্ত বুলি নাভাবোঁ। কিন্তু এয়া আমাৰ সংস্কৃতি যে সাধু-সন্তৰ পৰা যিয়েই লাভ নকৰোঁ, আমি ইয়াক 'প্রসাদ 'ৰূপে গ্রহণ কৰোঁ। সেয়ে মই বিনীতভাৱে এই 'প্রসাদ' গ্রহণ কৰিছোঁ আৰু ইয়াক মা ভাৰতীলৈ উৎসর্গা কৰিছোঁ।' 

উল্লেখযোগ্য যে দিল্লীৰ ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগিতাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্র্যালয়ে এই জন্ম শতবার্ষিকীত বছৰজুৰি আধ্যাত্মিক গুৰুজনালৈ শ্রদ্ধাঞ্জলি আগবঢ়োৱা হ'ব। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'আজিৰ দিনটো বিশেষ, কাৰণ ১৯৮৭ চনৰ ২৮ জুনত আচার্য বিদ্যানন্দ মুনিৰাজে 'আচার্য' সম্মান লাভ কৰিছিল। এয়া কেৱল সম্মান নহয়, জৈন সংস্কৃতিক আদর্শ, আত্মসংযম আৰু কৰুণাৰ সৈতে সংযোগ ঘটোৱা এক 'পবিত্র ধাৰা'ও।' 

এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন বিভাগৰ মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ সৈতে আচাৰ্যৰ স্মৃতিত ডাকটিকট মুকলি কৰে। উল্লেখযোগ্য যে এই জন্ম শতবার্ষিকী ২০২৫ চনৰ ২৮ জুনৰ পৰা ২০২৬ চনৰ ২২ এপ্রিললৈ উদযাপন কৰা হ'ব।

Share This