ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ফ্ৰান্সৰ পেৰিছত আয়োজন কৰা ভিভাটেক শীর্ষ সন্মিলনত অংশগ্রহণ কৰে। মোদীয়ে কয়, ফ্রান্সে এক গুৰুত্বপূৰ্ণ সমন্বয়কৰ কাম কৰিছে, যি ভাৰত আৰু ইউৰোপৰ টেক ইক'ছিষ্টেমক ওচৰ চপাইছে। তেওঁ আৰু কয়, 'আমাৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউ পি আই)ৰ বাবে আজি বিশ্বৰ আধা ৰীয়েল-টাইম ডিজিটেল ট্রেন্জেকশ্যন ভাৰতত হয়। এতিয়া আমি ফ্রান্সতো আইফেল টাৱাৰ বা পেৰিছ বিমান বন্দৰত ইউ পি আইৰ ব্যৱহাৰ কৰিব পাৰোঁ।'
প্রধানমন্ত্রীয়ে সন্মিলনত কয়, 'বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল আইডেন্টিটি ছিষ্টেম নিৰ্মাণৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল প্লেটফর্মলৈকে আমি ফাইনেন্সিয়েল ইনক্লুজন (বিত্তীয় অন্তর্ভুক্তি), শিক্ষা, টেলিমেডিচিন, কৃষি আৰু কেইবাটাও অন্য ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছোঁ।' মোদীয়ে ভাৰত-ইউৰোপৰ সম্পৰ্কক লৈ কয়, '২০২৬ ভাৰত-ইউৰোপৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ।
বছৰৰ আৰম্ভণিতে আমি ভাৰত-ই ইউ মুক্ত বাণিজ্য চুক্তি সম্পূর্ণ কৰিলোঁ। এই চুক্তিয়ে আমাৰ বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিব। এই বছৰ 'ভাৰত-ফ্রান্স ইন'ভেশ্যন ইয়েৰ'ৰ আৰম্ভণিৰ সৈতে ফ্রান্সে এক গুৰুত্বপূৰ্ণ সমন্বয়কৰ কাম কৰিছে, যি ভাৰত আৰু ইউৰোপৰ টেক ইক'ছিষ্টেমক ওচৰ চপাইছে।' মোদীয়ে কয়, 'ভাৰত এখন মুকলি সমাজ আৰু ভাৰতৰ ওচৰত বিশ্বৰ আটাইতকৈ বৃহৎ 'টেলেন্ট পুল' আছে।'
উল্লেখযোগ্য যে ১৭ জুনত ফ্ৰান্সৰ এভিয় মহানগৰত আয়োজিত জি-৭ শীর্ষ সন্মিলনৰ পাছত পিছ নিশা ২ বজাত প্ৰধানমন্ত্ৰী পেৰিছত উপস্থিত হয়। ইয়াত হোটেলৰ বাহিৰত ভাৰতীয় মূলৰ লোকে প্রধানমন্ত্রী মোদীক আদৰণি জনায়।