সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী

dainik janambhumi June 19, 2025

ডিজিটেল ডেস্ক : সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি দোহাৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি কাৰ্যব্যৱস্থা বৃদ্ধি কৰিবলৈ জি-৭-ৰ নেতাসকলক আহ্বান জনায়।

তদুপৰি, সন্ত্রাসবাদৰ পৃষ্ঠপোষক আৰু সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও মোদীয়ে কয়। মঙলবাৰে কানাডাত জি-৭-ৰ আউটৰীছ ছেছনত মোদীয়ে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশবোৰক জবাবদিহি কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। প্রধানমন্ত্রী মোদীয়ে কয়, 'বিশ্বৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আমাৰ চিন্তা আৰু নীতি স্পষ্ট হোৱা দৰকাৰ। যদি কোনো দেশে

সন্ত্রাসবাদক সমর্থন কৰে, সেই দেশে তাৰ মূল্য ভৰিব লাগিব।' পৰোক্ষভাৱে পাকিস্তানৰ কথাকে কৈ মোদীয়ে কয়, 'এহাতে আমি আমাৰ নিজৰ অগ্ৰাধিকাৰৰ ভিত্তিত তৎক্ষণাৎ সকলো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰোঁ। আনহাতে, যিবোৰ দেশে মুকলিভাৱেই সন্ত্রাসবাদৰ সমর্থন কৰে তেনে দেশক পুৰস্কৃত কৰোঁ।' উল্লেখযোগ্য যে কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলনত উপস্থিত থকাকে ধৰি প্রধানমন্ত্রী মোদীয়ে ত্রিদেশীয় ভ্রমণসূচীৰে যোৱা দেওবাৰে ভাৰতৰ পৰা ৰাওনা হৈছিল।

Share This