বহু উপহাৰ লৈ আজি আহিব প্রধানমন্ত্রী মোদী

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : উন্নয়নৰ মেতমৰা উপহাৰ লৈ আজি অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্রমণকালত কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰো অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰ লগতে জনসভাতো অংশগ্রহণ কৰিব। চলিত বৰ্ষতে তৃতীয়বাৰৰ বাবে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে অনাগত বিধানসভাৰ নিৰ্বাচনত বিশেষ প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে আজি দিনৰ ১-৩০ বজাত কোকৰাঝাৰত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে বি টি চিবাসীৰ বাবে ৪,৫৭৪ কোটি টকাৰ উন্নয়নৰ প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ১১০০ কোটি টকাৰ পথ নিৰ্মাণৰ আধাৰশিলাৰ লগতে ৩খনকৈ নতুন ৰে'ল ক্রমে কামাখ্যা-চৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰেংগী-আগৰতলা এক্সপ্ৰেছ, গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব। অসমমালা ৩.০-ৰ অধীনত ৩,২১৭ টকা ব্যয় সাপেক্ষে তেওঁ ৮৮৩ কিল'মিটাৰ পথ আৰু ৩৬খন নতুন দলঙৰো প্ৰকল্প মুকলি কৰিব। ইয়াৰ উপৰি তেওঁ কোকৰাঝাৰৰ বাসবাৰীত নিৰ্মাণ কৰিবলগীয়া এটা ৰে'লৱে ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰি এখন জনসভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গুৱাহাটীলৈ আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্রায় ৮,৮৪১ কোটি টকাৰ প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহৰ ভিতৰত আছে ৩,৬৩৩ কোটি টকা ব্যয় সাপেক্ষে ফৰকাটিং-তিনিচুকীয়া দ্বৈত ৰে'ল লাইনৰ প্ৰকল্পৰ আধাৰশিলা, ১,১৮০ কোটি টকা ব্যয় সাপেক্ষে চাপৰমুখ-ডিব্ৰুগড় আৰু ৪২১ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া-মুৰ্কংচেলেক ৰে'ল লাইনৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ শুভাৰম্ভ। ইয়াৰ উপৰি তেওঁ ২১০ কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা ৰে'লৱে ষ্টেছনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰিবলগীয়া ৰোপৱে'ৰ শিলান্যাস, গুৱাহাটীৰ বেতকুছিত নির্মিত একতা মল আৰু ২,৩২০ কোটি টকাৰ ব্যয় সাপেক্ষ ১০৫ মেগাৱটৰ কপিলী জলবিদ্যুৎ প্রকল্প মুকলি কৰিব। 

অইল ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰা নুমলীগড়-শিলিগুৰি পাইপ লাইনৰ সক্ষমতা বৃদ্ধি প্রকল্পৰো তেওঁ শুভাৰম্ভ কৰিব। একেদৰে বিশ্বনাথ ঘাট আৰু নিমাতী ঘাটত নিৰ্মাণ কৰিবলগীয়া ক্রুজ টার্মিনেলৰ আধাৰশিলা, সামুদ্রিক গৱেষণা তথা প্রশিক্ষণৰ বাবে বগীবিলত স্থাপন কৰিব আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্ৰীগৰাকীয়ে পাণ্ডু বন্দৰক ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰি নিৰ্মাণ কৰা পথছোৱাও মুকলি কৰিব। 

মন কৰিবলগীয়া কথা যে গুৱাহাটীৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চাহ শ্রমিকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে পি এম কিষাণ আঁচনিৰ অধীনত দেশৰ ৯.৩ কোটি কৃষকৰ বাবে ধনো মুকলি কৰিব। ইয়াৰ পাছত, নিশাটো গুৱাহাটীতে কটাই পিছদিনা তেওঁ পুৱা শিলচৰলৈ যাব। শিলচৰত প্ৰধানন্ত্ৰীগৰাকীয়ে ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া গুৱাহাটী-শিলচৰ হাই স্পীড কৰিডৰৰ শিলান্যাস কৰিব। একেদৰে শিলচৰ চহৰখনত নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰাৰ উপৰি কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত স্থাপন কৰিবলগীয়া নতুন কৃষি মহাবিদ্যালয় এখনৰো আধাৰশিলা স্থাপন কৰিব।

Share This