ডিজিটেল ডেস্ক : ভাল খবৰ আহি আছে অতি সোনকালেই 'ভেঞ্চাৰ' বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষকসকলৰ বাবে। ৰাজ্য চৰকাৰে অতি সোনকালেই প্রাদেশিকীকৰণ কৰিব বৃহৎ সংখ্যক বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষকৰ পদ আৰু তাৰ পাছতেই চিৰদিনৰ বাবে বন্ধ হৈ পৰিব 'ভেঞ্চাৰ'ৰ সমগ্ৰ প্ৰক্ৰিয়াটো। আন অৰ্থত এইবাৰৰ পাছত আৰু কোনো ভেঞ্চাৰ শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ কেতিয়াও প্রাদেশিকীকৰণ নহ'ব।
কালি বিধানসভাত এই কথা ঘোষণা কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে 'ভেঞ্চাৰ'ৰ সমগ্ৰ প্ৰক্ৰিয়াটোত 'ফুলষ্টপ' দিবৰ বাবেই ২০০৬ চনত আছাম নন গৱর্নমেন্ট এডুকেশ্যনেল ইনষ্টিটিউট আইনখন অনা হৈছিল আৰু সেই অনুসৰি ২০০৬ চনৰ পাছত হোৱা সকলো বিদ্যালয়-মহাবিদ্যালয়ক ব্যক্তিগত শিক্ষানুষ্ঠান বুলি গণ্য কৰা হৈছিল। কিন্তু ২০১৭ চনত এই আইনত কিছু সংশোধনী আনি ৩৮০৫খন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ আওতালৈ অনা হয় আৰু ৯৮৫৫গৰাকী টিউটৰৰ পদ এটা চৰ্ততে প্রাদেশিকীকৰণ কৰা হয় যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি এন চি টি ইৰ মতে যোগ্যতা অর্জন কৰিলে শিক্ষকলৈ উন্নীত কৰিব। মন্ত্রীজনে লগতে এই বুলিও কয় যে ইয়াৰ পাছতো আইনখনত কিছু শিথিলতাৰ বাবে ব্যাপক ৰাজহুৱা দাবী উঠাৰ পৰিপ্ৰেক্ষিতত ২০২৫ চনত আইনখনত কিছু শিথিলতা আনি প্রাদেশিকীকৰণৰ বাবে আৱেদন কৰিবলৈ এটা প'র্টেল মুকলি কৰি দিয়া হয়, শিক্ষা মন্ত্রীজনে সদনত তথ্য দি কয় যে এই প'ৰ্টেলত ৰাজ্যৰ ৩৫খন জিলাৰ ৩৭০৯খন বিদ্যালয়ৰ পৰা, ৫২খন ডিগ্রী কলেজৰ পৰা, ১২৫খন ডিগ্রী কলেজৰ বিভিন্ন শাখাৰ পৰা আৰু ২৩৪২০গৰাকী শিক্ষকৰ পৰা প্ৰাদেশিকীকৰণৰ বাবে আৱেদন লাভ কৰিছে। অতি সোনকালেই এই আৱেদনসমূহৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিবলৈ দি মন্ত্রীজনে কয় যে এই প্রক্রিয়াই হ'ব ৰাজ্যৰ শেষ প্রাদেশিকীকৰণ প্ৰক্ৰিয়া।
আনহাতে, যিসকল শিক্ষক প্রাদেশিকীকৰণৰ প্রক্রিয়াত কোনোপধ্যেই অন্তর্ভুক্ত হ'ব নোৱাৰিলে তেওঁলোকক সন্মানসহকাৰে বিদায় দিবৰ বাবে শিক্ষা বিভাগে গুৰু দক্ষিণা নামৰ এটা প'ৰ্টেল মুকলি কৰিছিল আৰু এই প'র্টেলত ১৫ হাজাৰ এনে 'ড্রপ' শিক্ষকে আৱেদন কৰিছে। এইসকল শিক্ষকক ৰাজ্য চৰকাৰে এককালীন আর্থিক সাহায্য প্রদান কৰিব। মন্ত্রীজনে শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দি কয় যে বিগত ৫ বছৰত ৰাজ্য চৰকাৰে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে কেৱল বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত আৰু এই পাঁচ বছৰত ৫০০খন বিদ্যালয় সম্পূর্ণ নতুনকৈ নিৰ্মাণ কৰা হৈছে। মন্ত্রীজনে লগতে এই কথাও ঘোষণা কৰে যে অহা ৫ বছৰত আৰু ৫০০খন বিদ্যালয় ৰাজ্য চৰকাৰে নৱ নিৰ্মাণ কৰিব।