পুৱতি নিশালৈকে মাৰাথন বৈঠকত বহি দিল্লীলৈ উভতিল প্রিয়ংকা গান্ধী, ফাকুৱাৰ পূৰ্বে প্ৰকাশ হ'ব কংগ্ৰেছৰ প্ৰথম প্ৰার্থী তালিকা

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনৰ পূর্বে দুদিনীয়া অসম ভ্রমণ সামৰি কালি নতুন দিল্লীলৈ উভতিল কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী। শেষ মুহূর্তত দলৰ জ্যেষ্ঠ নেতা তথা প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি ভূপেন বৰাই দলত্যাগ কৰাক লৈ সৃষ্টি হোৱা অভ্যন্তৰীণ সংঘাতৰ মাজতে বিধানসভাৰ যুঁজত নমাৰ প্ৰাথমিক কুচকাৱাজ কৰি থৈ গ'ল এ আই চি চিৰ শীর্ষ নেত্রী প্রিয়ংকা গান্ধীয়ে। দুদিনীয়া ভ্রমণসূচীত দলীয় নেতা-কর্মীৰ সৈতে ভালেকেইখন বৈঠকত অংশগ্রহণ কৰা প্রিয়ংকা গান্ধীয়ে কালি পুৱতি নিশা তিনি বজালৈ ৰাজীৱ ভৱনত মাৰাথন বৈঠকত মিলিত হয়। 

মানবেন্দ্র শর্মা কমপ্লেক্সতো তেওঁ এখন বৈঠকত মিলিত হোৱাৰ লগতে সংবাদমেল সম্বোধন কৰে। ইয়াতে তেওঁ বিজেপিৰ বিৰুদ্ধে এখন ২০ দফীয়া অভিযোগনামাও উন্মোচন কৰে। বৃহস্পতিবাৰে তেওঁ প্রদেশ কংগ্রেছৰ জিলা সভাপতি তথা বিধায়কসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল। কালিও দিল্লীলৈ প্রত্যাৱর্তন কৰাৰ পূর্বে প্রিয়ংকা গান্ধীয়ে ৪খনকৈ দলীয় বৈঠকত অংশগ্রহণ কৰে। তেওঁ দলৰ তিনিওজন সাংসদৰ সৈতে কালি পুৱা বৈঠকত মিলিত হয়। দলৰ কাৰ্যকৰী সভাপতিসকলৰ সৈতেও তেওঁ কালি আলোচনাত মিলিত হয়। দলৰ বিভিন্ন কোষ আৰু অন্য সমিতিৰ সৈতেও তেওঁ আলোচনাত মিলিত হয়। তেওঁৰ এই ভ্রমণসূচীত সমাগত বিধানসভাৰ নির্বাচনলৈ দলৰ ৰণনীতি প্রস্তুত কৰাৰ পৰা সংকটৰ সময়ত দল কিদৰে পৰিচালনা কৰিব লাগে, সকলো বিষয় সামৰি দলীয় নেতা-কর্মীৰ সৈতে আলোচনাত বহে। ইয়াৰ মাজতে কালি পুৱাই তেওঁ জুবিন ক্ষেত্রলৈ গৈ শিল্পীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

প্রণিধানযোগ্য যে কংগ্ৰেছ দলৰ প্রার্থী নির্বাচনৰ বাবে গঠিত স্ক্রিনিং সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা প্রিয়ংকা গান্ধীয়ে দলীয় টিকট প্রত্যাশীসকলৰ সম্পর্কতো বিস্তৃত আলোচনা কৰে দলীয় নেতৃবর্গ আৰু জিলা সমিতিসমূহৰ সৈতে। দিল্লীলৈ ঘূৰি যোৱাৰ পূর্বে সাংবাদিকৰ সন্মুখত প্রিয়ংকা গান্ধীয়ে কয়, 'মুখ্যমন্ত্রীক অসমৰ উন্নয়নৰ কথা ক'বলৈ আৰু অসমৰ জনতাৰ কথা ক'বলৈ কওক। মুখ্যমন্ত্রীজনে অসমৰ জনতাৰ বাবে কি কৰিলে আৰু আগন্তুক পাঁচ বছৰলৈ কিদৰে কাম কৰিবলৈ পৰিকল্পনা কৰিছে সেয়া ক'বলৈ কওক। নরপ্রজন্মই তেওঁৰ পৰা এইবোৰ কথা জানিব বিচাৰিছে। নৱপ্রজন্মই সংস্থাপন বিচাৰে আৰু সহজে কাবো কথাত ভোল নাযায়।' অসমৰ জনতাক সজাগ হ'বলৈ আহ্বহ্বান জনাই প্রিয়ংকা গান্ধীয়ে যি কাম কৰে, যি ধনাত্মক কথা কয় আৰু যাবে অসমক মজবুত কৰাৰ লক্ষ্য আছে তেনে ব্যক্তিক বাছনি কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, 'অসমত বিয়াগোম দুর্নীতি হৈ আছে। এয়া অসমৰ জনতাৰ সৈতে বিশ্বাসঘাতকতা হৈ আছে। শাসকীয় পক্ষই নিজৰ সম্পত্তি বৃদ্ধি কৰিছে। পুঁজিপতিকো সম্পত্তি দিছে। কিন্তু সেই সকলো ৰাইজৰ। উদ্যোগপতিক দি থকা বিশাল বিশাল ভূমি অসমৰ ৰাইজৰ। অসমৰ জনতাই সকলো দেখি আছে আৰু ইয়াৰ বাবেই এতিয়া যে পৰিবৰ্তনৰ সময় আহিছে সেয়াও বুজি পাইছে।' উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা স্ক্রিনিং কমিটীৰ অধ্যক্ষা প্রিয়ংকা গান্ধীয়ে ৰাজীৱ ভৱনত মাৰাথন বৈঠকত মিলিত হোৱাৰ বাবে নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছিল। এই কঠোৰ ব্যৱস্থাৰ বাবে কালি দিনত জ্যেষ্ঠ কংগ্রেছ কর্মী বালিকা লাহন পেণ্ডক ৰাজীৱ ভৱনত প্রৱেশ কৰাত বাধা আৰোপ কৰা হৈছিল। এই কার্যত অগ্নিশর্মা হৈ পৰে কর্মীগৰাকী। তেওঁ বলপূর্বক ৰাজীৱ ভৱনত প্রৱেশ কৰে।

Share This