ডিজিটেল ডেস্ক : বিৰোধী দলবোৰৰ সৈতে মিত্রতা নকৰাকৈয়ে কংগ্ৰেছে প্রার্থীৰ তালিকা প্রস্তুত কৰিবলৈ ওলাইছে। আনকি দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কংগ্ৰেছৰ স্ক্রীনিং কমিটীৰ অধ্যক্ষ তথা ৱায়নাড লোক সভা সমষ্টিৰ সাংসদ প্রিয়ংকা গান্ধীও। অসমত উপস্থিত হৈয়েই প্রিয়ংকা গান্ধীয়ে পুৱাৰ ভাগত মা কামাখ্যা মন্দিৰত সেৱা জনাই আশীর্বাদ ল'ব আৰু ইয়াৰ পাছত ৰাজীৱ ভৱনলৈ আহি দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজা পর্যন্ত স্ক্রীনিং বিষয়ক কাম-কাজত ব্যস্ত হৈ পৰিব। কালি এখন সংবাদমেলত এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্র সিং আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। আজি গোটেই দিনটো প্রিয়ংকা গান্ধী আৰু স্ক্রীনিং কমিটীৰ আন সদস্যসকলে ব্লক কংগ্ৰেছ, কংগ্ৰেছৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন আৰু কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ'ব বুলি জনাই জিতেন্দ্র সিঙে কয় যে প্রথমবাৰৰ বাবে অসমত এইধৰণে প্রার্থিত্ব প্রদানৰ বাবে স্ক্রীনিঙৰ ব্যৱস্থা কৰা হৈছে।
স্ক্রীনিং কমিটীৰ অধ্যক্ষ হিচাপে নির্বাচন শেষ নোহোৱা পর্যন্ত একাধিকবাৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহি থাকিব আৰু অসমবাসীৰ মনৰ বুজ ল'বলৈ চেষ্টা অব্যাহত ৰাখিব। সংবাদমেলত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয়, 'স্ক্রীনিং যিমান সোনকালে পাৰি সিমান সোনকালে শেষ কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলোৱা হ'ব। আমি বিভিন্ন সময়ত কেন্দ্রীয় নেতৃত্বৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে আমাক পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা এই মাহৰ শেষৰফালে প্ৰকাশ হ'ব লাগে। ৰাজ্যিক স্তৰৰ কামখিনি শেষ হ'লেই আমি যেতিয়াই বিচাৰোঁ তেতিয়াই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্রার্থীৰ তালিকা সন্দর্ভত আলোচনা কৰি সেয়া চূড়ান্ত কৰিবলৈ সাজু হৈ আছে।' প্রথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰকাশ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি গগৈয়ে জনায় যে নির্বাচনী প্রস্তুতিৰ ক্ষেত্রত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে।
আনহাতে, বিৰোধী দলবোৰৰ সৈতে মিত্ৰতা সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ সমভাবাপন্ন বিৰোধী দলসমূহৰ সৈতে মিত্রতা হ'বই বুলি স্পষ্ট কৰি দিয়ে। তেওঁৰ মতে কংগ্ৰেছ দলৰ সৈতে যিসমূহ দলে মিত্রতা কৰে, সেই দলসমূহ শক্তিশালী হয়। বিপৰীতে বিজেপিৰে মিত্ৰতা কৰা দলসমূহ নিঃশেষ হৈ যোৱাৰ উপক্রম ঘটে। উদাহৰণ হিচাপে তেওঁ অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ কথা উল্লেখ কৰে। গগৈয়ে কয়-'অসম গণ পৰিষদ দলৰ বাবে এই নির্বাচন শেষ নির্বাচন হৈ পৰিব। ইয়াৰ পাছত অসম গণ পৰিষদক নিৰ্বাচনত হয়তো দেখা পোৱা নাযাব। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোক অধিক সক্রিয় হৈ পৰিব।'