ডিজিটেল ডেস্ক : বিশিষ্ট বাঁহীবাদক দীপক শর্মা বর্তমান গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। যকৃৎজনিত ৰোগত বিগত বহু দিন ধৰি অসুস্থ হৈ থকা বাঁহীবাদকগৰাকীৰ উন্নত চিকিৎসাৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অর্থ সাহায্য আগবঢ়াইছে।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁক প্ৰদান কৰা হৈছে ৫ লাখ টকা। ৯ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে এই ধনৰাশি চেকযোগে শিল্পীগৰাকীৰ পৰিয়ালক প্ৰদান কৰে।
উল্লেখযোগ্য যে দীর্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীয়ে কিছুদিনৰ পূৰ্বে দিল্লীত চিকিৎসা গ্ৰহণ কৰি কিছু পৰিমাণে সুস্থ হৈছিল যদিও শেহতীয়াকৈ পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।