মানচেষ্টাৰ ফিল্ম ফেষ্টিভেললৈ 'প্রতিশ্রুতি'

dainik janambhumi February 24, 2026

ডিজিটেল ডেস্ক: যোৰহাটৰ ৰাতুল বৰুৱাৰ কাহিনীৰ আধাৰত তথা প্রযোজিত 'প্রতিশ্রুতি' নামৰ চলচ্চিত্রখনে বহুকেইটা দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হৈ অসমীয়া ছবি জগতলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। Manchester Film Festivalত এই ছবিখনে মনোনয়ন পাবলৈ সক্ষম হৈছে।

ইতিমধ্যে কথাছবিখনে Los Angeles Film Festival আমেৰিকা নিউয়ৰ্কৰ Lift-off-Flim Festival, Toronto Life-Off Flim Festival, Jaipur International Flim Festival আদিত মনোনয়ন পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি শ্ৰেষ্ঠ সামাজিক কথাছবি তথা কাহিনী হিচাপে ডুবাই আন্তঃৰাষ্ট্ৰীয় Flim Festival-ত দাদা চাহেব ফাল্কে আইকনিক এৱাৰ্ডৰে বিভূষিত হৈছিল। 

কথাছবিখনৰ সফলতাই অসমীয়া কথাছবিৰ উদ্যোগলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। কথাছবিখন পৰিচালনা কৰিছে কিশোৰ তহবিলদাৰে। ড্ৰাগছৰ কৰাল গ্রাসে ছ। অসমকে আদি কৰি সমগ্র বিশ্বক আগুৰি ধৰিছে। এই জ্বলন্ত বিষয়বস্তুৰ ওপৰত নিৰ্মিত কথাছবিখনে দেশে-বিদেশে বিশেষ দৃষ্টি আকর্ষণ কৰিছে।

Share This