পি টি ঊষা, অঞ্জু ববী জৰ্জক জীৱনজোৰা সাধনা বঁটা প্রদান, ভাৰতীয় এথলেটিক্‌ৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : দিল্লীৰ তাজ পেলেচ হোটেলত দেওবাৰে অনুষ্ঠিত হৈ যায় ভাৰতীয় এথলেটিছৰ ইতিহাসৰ প্ৰথমখন সর্ববৃহৎ ৰ ২০২৬। সভাখন উদ্বোধন কৰে মুখ্য অতিথিৰূপে উপস্থিত থকা ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড° মনচুখ মণ্ডাভিয়াই। বিশেষ অনুষ্ঠানযোগে সন্মান লাভকৰাসকলৰ ভিতৰত আছে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক অনা কিংবদন্তি প্রবীণ খেলুৱৈ, বৰ্তমানৰ আগশাৰীৰ এথলীট, প্রশিক্ষক, কাৰিকৰী বিষয়া আৰু ৰাজ্যিক সংগঠকসকলক। তেওঁলোকৰ ভিতৰত তাৰকা জেভেলিন থ্র'ৱাৰ নীৰজ চোপ্ৰাক শ্রেষ্ঠ পুৰুষ এথলীট, ষ্ট্ৰীপলচেজাৰ পাৰুল চৌধুৰীক শ্রেষ্ঠ মহিলা এথলীট, ভাৰতীয় এথলেটিছৰ কিংবদন্তি পি টি ঊষা আৰু অঞ্জু ববী জৰ্জক জীৱনজোৰা সাধনা বঁটা, শ্রেষ্ঠ উদীয়মান পুৰুষ খেলুৱৈ শাহনাৱাজ পাৰবীৰ সিঙক ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ প্রশিক্ষকৰ বঁটা প্ৰদান কৰা হয়। 

সমান্তৰালভাৱে তামিলনাডু এথলেটিক্‌ছ সন্থাই শ্রেষ্ঠ ৰাজ্যিক সন্থাৰ বঁটা লাভ কৰাৰ বিপৰীতে এথলেটিক্‌ছ সর্বাধিক সহায় কৰা ৰাজ্য বঁটা লাভ কৰে ওড়িশা ৰাজ্যই। শ্রেষ্ঠ ক্রীড়া পোষক ৰাজ্য বঁটা লাভ কৰে ওড়িশা চৰকাৰৰ ক্রীড়া আৰু যুৱ সেৱা বিভাগে। শ্রেষ্ঠ সংগঠন ছার্ভিচেছ স্প'র্টছ কন্ট্রল ব'র্ড আৰু প্রতিষ্ঠান/অংশীদাৰী সমর্থন বঁটা লাভ কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনে। ইফালে ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্যনৰ উপ-সভাপতি তথা অসম এথলেটিক্‌ছ সন্থাৰ সভাপতি অসম চৰকাৰৰ বিত্ত, বন ইত্যাদি বিভাগৰ কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশত ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্যনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম এথলেটিক্‌ছ সন্থাৰ সাধাৰণ সম্পাদক গীতার্থ গোস্বামীয়ে। 

অনুষ্ঠানত এথলেটিক ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ বিষয়ববীয়াসকলৰ উপৰি শ্ৰীলংকা, ভূটান আৰু মালদ্বীপৰ দৰে দেশৰ প্ৰতিনিধি আৰু ভাৰতীয় এথলেটিক্‌ছৰ সৈতে জড়িত বহুকেইগৰাকী স্বনামধন্য খেলুৱৈ তথা সংগঠক উপস্থিত থাকে।

Share This