ৰাজহুৱা কৰ্মী, গাঁও প্ৰধান গোৱৰ্দ্ধন খনিকৰ দেহাৱসান, অঞ্চলজুৰি শোক

Jyoti Borah August 07, 2023

 ডিজিটেল ডেস্ক: লখিমপুৰ জিলাৰ আজাদ বাঁহপাতি বৰচৰীয়াৰ নিবাসী ৰাজহুৱা কৰ্মী তথা গাঁও প্ৰধান গোৱৰ্দ্ধন খনিকৰৰ আজি পুৱা মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছা পৰে । গোৱৰ্দ্ধন খনিকৰ দীৰ্ঘসময় গাঁও প্ৰধানৰ দায়িত্বত থকাৰ লগতে বাঁহপাতি অঞ্চলৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল । শ্ৰীমন্ত শংকৰদেৱৰ বৰনামঘৰ, শ্ৰীশ্ৰী শিৱমন্দিৰ, নৱজ্যোতি ৰঙ্গমঞ্চ আদি ৰাজহুৱা অনুষ্ঠানত সক্ৰিয়ভাৱে কাম কৰিছিল । তেখেতৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱৰ বৰনামঘৰ, শ্ৰীশ্ৰী শিৱমন্দিৰ, নৱজ্যোতি ৰঙ্গমঞ্চ, বাঁহপাতি বনিক সন্থা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা, সোৱণশিৰি গ্ৰাম্য উন্নয়ন সংস্থাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰে । তেখেতে পত্নীসহ তিনিজন পুত্ৰ-বোৱাৰীক এৰি থৈ যায় ।

Share This