শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, ৯ ছেপ্টেম্বৰত বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে

dainik janambhumi September 08, 2025

ডিজিটেল ডেস্ক : পঞ্জাবত বান পৰিস্থিতি শোচনীয় হৈয়েই আছে। ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২৩খন জিলাত প্রায় ১৯০০ খন গাঁও প্লাৱিত হৈ আছে। ১.৭৫ লাখ হেক্টৰ ভূমিৰ খেতিপথাৰৰ শস্য নষ্ট হৈছে। 

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্রকাশ কৰে যে এন ডি আৰ এফ, এছ ডি আৰ এফৰ লোকে ক্ষতিগ্রস্ত লোকক উদ্ধাৰ অভিযানত অংশ লৈছে। ইফালে, অহা ৯ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযান, পুনৰ সংস্থাপন প্রচেষ্টা পর্যবেক্ষণ কৰা, বানৰ ফলত ক্ষতিগ্রস্ত লোক আৰু কৃষকসকলক সাক্ষাৎ কৰিবলৈ পঞ্জাব ভ্রমণ কৰিব। ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভতো প্রধানমন্ত্রী মোদীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। 

পঞ্জাব বিজেপিয়ে সামাজিক মাধ্যম এক্স যোগে মোদীৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি সুনীল জাখাৰে কয় যে পঞ্জাবৰ বান পৰিস্থিতিক লৈ প্রধানমন্ত্রী মোদী উদ্বিগ্ন হৈ আছে আৰু গভীৰভাৱে ইয়াক নিৰীক্ষণ কৰি আছে। কেইদিনমান পূর্বে কেন্দ্রীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পঞ্জাব ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লৈছিল।

Share This