গুজৰাট টাইটানছক হৰুৱালে পঞ্জাব কিংছে

dainik janambhumi April 01, 2026

ডিজিটেল ডেস্ক : কুপাৰ কনলিৰ আকর্ষণীয় অবিজিত অর্ধ-শতৰানৰ সহায়ত পঞ্জাব কিংছে আই পি এলত আজি নিজৰ প্ৰথম খেলত গুজৰাট টাইটানছক ৩ উইকেটত পৰাজিত কৰে। আই পি এলত অভিষেক ঘটোৱা কনলিয়ে ৪৪টা বলত ৭২ ৰান কৰি প্ৰায় অকলেই পঞ্জাবক জয়ৰ লক্ষ্যলৈ তুলি নিয়ে। গুজৰাটৰ ৬ উইকেটত ১৬২ ৰানৰ প্ৰত্যুত্তৰত কনলিৰ বেটিং বিক্ৰমৰ জৰিয়তে ১৯.১ অ'ভাৰত ৭টা উইকেট হেৰুৱাই ১৬৫ ৰান কৰি জয় সাব্যস্ত কৰে।

কনলিৰ উপৰি অ'পেনাৰ প্রভছিমৰনে দ্বিতীয় সর্বাধিক ৩৭ আৰু অধিনায়ক শ্রেয়াষ আয়াৰে ১৮ ৰানৰ অৱদান যোগায়। ইয়াৰ আগেয়ে পঞ্জাব কিংছে নিয়ন্ত্রিত বলিঙৰ জৰিয়তে প্রাক্তন চেম্পিয়ন গুজৰাট টাইটানছক ৬ উইকেটত ১৬২ ৰানত সীমিত ৰাখিছিল। গুজৰাটৰ হৈ অধিনায়ক শুভমন গীলে সর্বাধিক ৩৯, জ'ছ বাটলাৰে ৩৮, গ্লেন ফিলিপছে ২৫ আৰু ৱাশ্বিংটন সুন্দৰে ১৮ ৰানৰ অৱদান যোগায়।

ইয়াৰ উপৰি ছাই সুদৰ্শনে ১৩ আৰু ৰাহুল টেৱটিয়াই অপৰাজিত ১১ ৰান কৰে। পঞ্জাবৰ বিজয় কুমাৰে ৩৪ ৰানত সর্বাধিক তিনিটা, যুজবেন্দ্র চাহলে ২টা আৰু মার্কো জনছেনে ১টা উইকেট লাভ কৰে।

Share This