মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে আৰ বি আই ৱ'ৰ্ল্ড ইক'নমিক ফৰামৰ ইংগিত, চলিত বিত্তীয় বর্ষত দেশৰ উন্নয়নৰ হাৰ হ'ব ৬.৯%

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধক লৈ সমগ্র বিশ্ব উদ্বিগ্ন হৈ থকাৰ সময়তে দুখন প্রতিবেদনে ভাৰতীয় অৰ্থনীতিৰ বাবে শুভইংগিত দিয়া পৰিলক্ষিত হৈছে। দুয়োখন প্রতিবেদনতে এই কথা উল্লেখ কৰা হৈছে যে মধ্যপ্রাচ্যৰ সংকটে বিশ্ব অর্থনীতিক প্ৰভাৱিত কৰিলেও ভাৰতীয় অর্থনীতিয়ে শক্তিশালীভাৱে আগুৱাই যাব। ইয়াৰে এখন প্ৰতিবেদন ভাৰতীয় ৰিজার্ভ বেংকৰ (আৰ বি আই) আৰু আনখম ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ। 

আৰ বি আয়ে কালি প্রকাশ কৰা ২০২৫-২৬ বৰ্ষৰ বার্ষিক প্রতিবেদনত কয় যে মধ্যপ্রাচ্যত চলি থকা উত্তেজনাই সমগ্ৰ বিশ্বৰ বাবে সংকটৰ সৃষ্টি কৰাৰ লগতে অৰ্থনীতিত অনিশ্চয়তাৰ সৃষ্টি কৰাৰ সময়তে ভাৰতীয় অর্থনীতিৰ গতি শক্তিশালী হৈ থাকিব। প্রতিবেদনখনত কোৱা হৈছে যে চলিত বিত্তীয় বর্ষত দেশৰ প্ৰকৃত উন্নয়নৰ হাৰ ৬.৯% হ'ব বুলি অনুমান কৰা হৈছে। প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে পশ্চিম এছিয়াত চলি থকা সংকটৰ ফলত যোগান প্রণালীত বাধাৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে। তাৰ পাছতো ঘৰুৱা চাহিদা আৰু সেৱা খণ্ডত উন্নয়ন অব্যাহত থকাত ভাৰতৰ উন্নয়নৰ হাৰ প্ৰভাৱিত হোৱা নাই। ইয়াত কোৱা হৈছে যে পশ্চিম এছিয়াৰ সংকটৰ ফলত শক্তিৰ দাম বৃদ্ধি, যোগান প্রণালীত সৃষ্টি হোৱা বাধা আৰু বিশ্বৰ বজাৰৰ সৈতে জড়িত প্রত্যাহ্বানসমূহৰ মাজতে ভাৰতীয় কোম্পানী আৰু বেংকিং ক্ষেত্র বিত্তীয় দিশত শক্তিশালী হৈ আছে। ইয়াৰ লগতে চৰকাৰেও বিকাশৰ দিশত দ্রুত গতিত কাম কৰি আছে। 


প্রতিবেদনখনত কোৱা হৈছে যে চৰকাৰে মূলধনী ব্যয়ত গুৰুত্ব আৰোপ কৰাত দেশৰ শক্তিশালী অর্থনৈতিক বৃদ্ধিৰ গতি অনুকূল হৈছে। চলিত বিত্তীয় বর্ষত বিশ্বত সৃষ্টি হোৱা ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে বিশ্বৰ অৰ্থনীতিৰ বিকাশত প্রধান হেঙাৰ হিচাপে থিয় দিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ অন্তিম দিনটোৰ পৰা আৰম্ভ হোৱা পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ অর্থনীতিসমূহত পৰিছে। যোগান প্রণালীত সৃষ্টি হোৱা বাধাৰ লগতে ইন্ধনৰ দাম দ্রুত গতিত বৃদ্ধি পোৱাৰ ফলত ঘৰুৱা বজাৰত কিছু পৰিমাণে উদ্বেগৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ মুদ্রাস্ফীতিৰ হাৰত দেখা পোৱা গৈছে। তাৰ পাছতো চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰৰ অনুমান ইতিবাচক হৈ আছে বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। 

প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ ৭.৬% হ'ল বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ ভিতৰত সৰ্বাধিক। যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা চাহিদা শক্তিশালী হৈ থকাৰ লগতে বিনিয়োগত ধাৰাবাহিকতা, ক্ষিপ্ৰতাৰে লোৱা নীতিগত সিদ্ধান্তসমূহ আৰু শক্তিশালী ব্যাপক অর্থনৈতিক ভেটিসমূহে দেশৰ উন্নয়নৰ হাৰ শক্তিশালী কৰি ৰখাত সহায় কৰে। দেশৰ কেন্দ্ৰীয় বেংকটোরে প্রতিবেদনত উল্লেখ কৰা মতে, চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নত বিশেষভাৱে মনোযোগ দিছে। মূলধনী ব্যয়ৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰা হৈছে আৰু ই দেশৰ দীৰ্ঘম্যাদী লাভজনক হ'ব। প্রতিবেদনখনত ভাৰতৰ অৰ্থনীতিৰ বাবে থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে যদিহে মধ্যপ্রাচ্যৰ সংকট দীঘলীয়া সময়ৰ বাবে অব্যাহত থাকে, তেতিয়া দেশৰ অৰ্থনীতিৰ উন্নয়ন মন্থৰ হ'ব পাৰে। ইয়াত কোৱা হৈছে যে দেশৰ কৃষি খণ্ডৰ উন্নয়ন দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ কৰিব। 

এল নিনোৰ সম্ভাৱনাই ভাৰতৰ কৃষি উৎপাদনত প্রভাৱ পেলাব পাৰে আৰু পশ্চিম এছিয়াৰ সংকটৰ ফলত কেঁচামাল বিশেষকৈ সাৰৰ উপলব্ধতা আৰু দামৰ চাপ বৃদ্ধি কৰিব পাৰে। অৱশ্যে চৰকাৰে বিভিন্ন উৎসৰ পৰা যোগান সু-নিশ্চিত কৰা আৰু মজুত ব্যৱস্থাৰ ব্যৱস্থাপনা কৰাৰ ফলত উদ্বেগ কিছু হ্রাস পাব। আনহাতে, মধ্য প্রাচ্যৰ সংকট অধিক দিনলৈ চলি থাকিলে খাৰুৱা তেলৰ দাম বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱ দেশৰ উপভোক্তা বজাৰত অস্থিৰতা ৰূপে দেখা পোৱা যাব পাৰে। ইয়াৰ প্ৰভাৱ দেশৰ বিকাশৰ হাৰত পৰিব পাৰে। আনহাতে, পশ্চিম এছিয়াৰ সংকট দীর্ঘ দিনলৈ অব্যাহত থাকিলে ইয়াৰ বৃহৎ হাৰত প্ৰভাৱ পৰিব সাধাৰণৰ জনতাৰ ওপৰত। এই সংকটৰ বাবে ইতিমধ্যে পেট্রল আৰু ডিজেলৰ লগতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছেই বুলি কোৱা হৈছে। 

আৰ বি আয়ে প্রতিবেদনখনত বিশ্ব বেংকৰ তথ্যৰ উদ্ধৃতি দিকয় যে চলিত বছৰত বিশ্বৰ উন্নয়নৰ হাৰ ৩.১% হ'ব। পূৰ্বতে বিশ্বৰ উন্নয়নৰ হাৰ ৩.৩% হ'ব বুলি অনুমান কৰা হৈছিল। ইয়াৰ লগতে এই বুলিও কোৱা হৈছে মধ্যপ্রাচ্যৰ সংকট অধিক দিনলৈ চলি থাকিলে বিশ্বৰ অৰ্থনৈতি অধিক দুৰ্বল হোৱাৰ আশংকা আছে। আনহাতে, বিশ্ব পর্যায়ত বাণিজ্যৰ উন্নয়নৰ হাৰ মন্থৰ হৈ ২.৮% হ'ব বুলি কোৱা হৈছে। ইফালে বিশ্বত মুদ্রাস্ফীতিৰ হাৰ চলিত বছৰত ৪.৪%লৈ বৃদ্ধি পাব বুলি কোৱা হৈছে। ভাৰতৰ প্ৰসংগত কোৱা হৈছে যে ঘৰুৱা শক্তিশালী খাদ্যশস্যৰ ভাণ্ডাৰ আৰু সুস্থিৰ কৃষি উৎপাদনৰ ফলত চলিত বছৰত দেশত মুদ্রাস্ফীতিৰ হাৰ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত থাকিব আৰু এই হাৰ ৪.৬% হ'ব বুলি অনুমান কৰা হৈছে। ইফালে, বিশ্ব অর্থনৈতিক মঞ্চৰ (ডব্লিউ ই এফ) সমীক্ষাৰ প্রতিবেদনত ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী অর্থনীতিৰূপে পৰিস্ফুট হৈছে। প্রতিবেদনখনত বিশ্বৰ কেইবাজনো আগশাৰীৰ অৰ্থনীতিবিদে এই বুলি মত প্রকাশ কৰে যে অহা ১২ মাহত ভাৰতেই বিশ্বক আগবঢ়াই নিব। এই সমীক্ষাত অংশগ্ৰহণ কৰা ৫২% মুখ্য অর্থনীতিবিদে এই বুলি মত প্রকাশ কৰে যে অহা ১২ মাহত ভাৰতৰ অতি শক্তিশালী বা শক্তিশালী বিকাশ দেখিবলৈ পোৱা যাব। এই তথ্যই বিশ্বৰ আন সকলো স্থানৰ তুলনাত ভাৰতক আটাইতকৈ বেছি আশাবাদী কৰি তোলে। ইয়াত কোৱা হৈছে যে বিশ্বত অনিশ্চয়তাই বিৰাজ কৰি থকাৰ সময়তে আমেৰিকাৰ লগতে ভাৰত শক্তিশালী হৈ থাকিব। ভাৰতীয় অর্থনীতি শক্তিশালী হৈ থকাৰ কেইবাটাও কাৰণ আছে। ইয়াৰ ভিতৰত ঘৰুৱা চাহিদা শক্তিশালী হৈ থকা, আন্তঃগাঁথনি খণ্ডত বৃহৎ বিনিয়োগ, নতুন বাণিজ্য চুক্তি আৰু চৰকাৰী সাহায্য অন্যতম কাৰণ। সমীক্ষাটোৰ মতে, ইউৰোপত মুদ্রাস্ফীতি আৰু মন্দাৱস্থাৰ সংকট গভীৰ হোৱা দেখা গৈছে। 

মধ্য প্রাচ্য আৰু উত্তৰ আফ্ৰিকাত উন্নয়নৰ হাৰ দ্রুত হাৰৰ অৱনমিত হোৱাৰ অনুমান কৰা হৈছে। ইয়াৰ বিপৰীতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ একাংশ দেশ তুলনামূলকভাৱে অধিক শক্তিশালী হৈ থকা দেখা পোৱা গৈছে। অৱশ্যে সমীক্ষাটোত ৬১% অর্থনীতিবিদে এই বুলি সতৰ্ক কৰি দিয়ে যে অনাগত বছৰবোৰত ভাৰতৰ বাবে মুদ্রাস্ফীতিৰ হাৰ অত্যধিক বা অতি বেছি হৈ থাকিব। ইয়াৰ প্ৰধান কাৰণ হ'ল শক্তিৰ দাম বৃদ্ধিয়ে ভাৰতীয় অর্থনীতিত সৃষ্টি কৰা চাপ। ৮৯% মুখ্য অর্থনীতিবিদৰ মতে, অহা এবছৰলৈ বিশ্বৰ উন্নয়নৰ হাৰ মন্থৰ হৈ পৰাৰ সম্ভাৱনা আছে। কিন্তু বর্তমান বিশ্বত মন্দাৱস্থাৰ সম্ভাৱনা কম বুলি কোৱা হৈছে।

Share This