ডিজিটেল ডেস্ক : বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু আন জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এন ডি এৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্রার্থী চি পি ৰাধাকৃষ্ণণে মনোনয়ন-পত্র দাখিল কৰে। প্রধানমন্ত্রী মোদীয়ে ৰাধাকৃষ্ণণ আৰু এন ডি এৰ নেতাসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰিটার্নিং বিষয়া ৰাজ্য সভাৰ সচিব প্রধান পি চি মোদীৰ হাতত মনোনয়ন-পত্ৰৰ চাৰিটা ছেট অর্পণ কৰে।
মনোনয়ন-পত্ৰৰ উক্ত চাৰিটা ছেটত মোদী, ৰাজনাথ সিং, শ্বাহ আৰু জে ডি (ইউ)ৰ নেতা ৰাজীৱ ৰঞ্জন সিং মুখ্য প্রস্তাৱক ৰূপে আছে। বুধবাৰে মোদী, শ্বাহ, জ্যেষ্ঠ নেতা প্রহ্লাদ যোশী, ধর্মেন্দ্র প্রধান, তেলুগু দেশম পার্টি (টি ডি পি)ৰ নেতা তথা কেন্দ্ৰীয় মন্ত্রী কে ৰামমোহন নাইডু, শিৱসেনাৰ নেতা শ্রীকান্ত শিন্দে, এল জে এছ পি (আৰ ভি)ৰ নেতা চিৰাগ পাছোৱান ৰাধাকৃষ্ণণৰ সৈতে সংসদৰ ৰিটার্নিং বিষয়াৰ কাৰ্যালয়লৈ যায়।
ইয়াৰ আগতে ৰাধাকৃষ্ণণে সংসদৰ চৌহদৰ প্ৰেৰণা স্থলত থকা মহাত্মা গান্ধী আৰু আন ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূর্তিত শ্রদ্ধাঞ্জলি আগবঢ়ায়।