ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা 'এট হ'ম ৰিচেপশ্যন'ত কংগ্ৰেছৰ নেতা তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰা গলবস্ত্ৰ পৰিধান নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিজেপিয়ে ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক গান্ধীয়ে অপমান কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতীক চিহ্নৰ প্ৰতি তেওঁ স্পৰ্শকাতৰ নহয় বুলি অভিযোগ কৰিছে। বিজেপিৰ আই টি কোষৰ মুৰব্বী অমিত মালব্যই কয় যে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে গান্ধীক গলবস্ত্ৰ পৰিধান কৰাৰ বাবে দুবাৰ মনত পেলাই দিয়ে, কিন্তু গান্ধীয়ে ডিঙিত গলবস্ত্র নল'লে। মালব্যই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে ইউৰোপিয়ান ইউনিয়নৰ নেতাসকল, বিদেশী কুনীতিবিদসকলেও সন্মান আৰু সাৰ্বজনীনতাৰ প্ৰতীক স্বৰূপ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত গলবস্ত্ৰ পৰিধান কৰিছিল, কিন্তু এখন ফটোত ৰাহুল গান্ধীৰ ডিঙিত গলবস্ত্র নথকা অৱস্থাত দেখা পোৱা গৈছে। তেওঁ গান্ধীক ইয়াৰ বাবে বিনাচতে ক্ষমা খুজিবলৈ আহ্বান জনাই মালব্যই প্রশ্ন কৰে- ৰাহুল গান্ধীয়ে বাৰে বাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি স্পৰ্শকাতৰ নোহোৱাৰ কাৰণ কি? ইফালে কংগ্ৰেছে এই অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিক উভতি ধৰে।
কংগ্ৰেছে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা উক্ত অনুষ্ঠানৰ এখন ফটো প্রকাশ কৰে, য'ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাৰে সমৃদ্ধ গলবস্ত্ৰ পৰিধান নকৰা অৱস্থাত দেখা পোৱা গৈছে। কংগ্ৰেছৰ নেতা পৱন খেৰাই এইবুলি প্ৰশ্ন কৰে যে এতিয়া ৰাজনাথ সিঙেও ক্ষমা বিচাৰিবনে? ইফালে এই প্ৰসংগত কগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই কয় যে ৰাহুল গান্ধীয়ে আদৰণী অনুষ্ঠানৰ সময়ত গলবস্ত্ৰ পৰিধান কৰি আছিল, কিন্তু খোৱাৰ সময়ত তেওঁ ডিঙিৰ পৰা আঁতৰাই থয়। খর্গেই লগতে এইবুলি অভিযোগ কৰে যে বিজেপিয়ে বিষয়টো অতিৰঞ্জিত কৰিছে। তেওঁ কয় যে অসম আৰু মণিপুৰৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এই বিষয়টো অতিৰঞ্জিত কৰি প্ৰচাৰ কৰিছে।