ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেতা তথা লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এটা নিবন্ধত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত মেচ ফিক্সিং হোৱা বুলি দিয়া মন্তব্যই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গান্ধীয়ে দ্য ইণ্ডিয়ান এক্সপ্রেছত লিখা এটা নিবন্ধত যোৱা বছৰ নৱেম্বৰত মহাৰাষ্ট্ৰত হোৱা বিধানসভাৰ নিৰ্বাচনক লৈ বিজেপিৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন কৰে। গান্ধীয়ে কয় যে এই নির্বাচনত মেচ ফিক্সিং কৰা হৈছিল, যাৰ জৰিয়তে বিজেপিয়ে জয়লাভ নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্রচেষ্টা চলাইছিল।
ইংৰাজী বাতৰিকাকতখনত শনিবাৰে প্রকাশ পোৱা নিবন্ধটোত গান্ধীয়ে কয়, 'বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহে নির্বাচনত জয়ী হোৱাৰ বাবে পাঁচটা পদক্ষেপ গ্রহণ কৰিছিল।' তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰৰ দৰে এইবাৰ বিহাৰতো মেচ ফিক্সিং হ'ব। ইয়াৰ পাছত বিজেপি পৰাজিত হোৱাৰ সম্ভাৱনা থকা আন ৰাজ্যতো হ'ব। গান্ধীয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ নির্বাচনত পাঁচটা পর্যৰ্যায়ৰ জৰিয়তে অনিয়ম হোৱাৰ অভিযোগ কৰে। তেওঁ নির্বাচন আয়োগৰ বিজেপিৰ সৈতে মিতিৰালি কৰা আৰু ভোটদানৰ হাৰ অধিক কৰি প্ৰকাশ কৰা বুলি অভিযোগ কৰে। তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে এই বছৰৰ শেষৰফালে বিহাৰত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনতো এনে ধৰণৰ প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি ঘটিব পাৰে। ইয়াত তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত সুপৰিকল্পিতভাৱে নিৰ্বাচনত অনিয়ম কৰা বুলি অভিযোগ কৰে।
তেওঁ অভিযোগ কৰে যে ভোটাৰ তালিকাত ভুৱা ভোটাৰৰ নাম অন্তর্ভুক্ত কৰা হয় আৰু ভোটদানৰ প্ৰকৃত হাৰতকৈ অধিক হাৰ দেখুওৱা হয়। তেওঁ কয়, 'এইবিলাক কেনেকৈ হৈছিল সেয়া মোৰ নিবন্ধটোত পর্যায়ক্রমে উল্লেখ কৰা হৈছে। প্রথম পর্যায়ত নির্বাচন আয়োগৰ নিযুক্তিৰ পেনেলত অনিয়ম কৰা হৈছিল। দ্বিতীয় পর্যায়ত ভোটাৰ তালিকাত ভুৱা ভোটাৰৰ নাম অন্তর্ভুক্ত কৰা হৈছিল। তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি কৰা হৈছিল। বিজেপি জয়ী হোৱা বুথত ভুৱা ভোটাৰৰ ভোটদান কৰোৱা হৈছিল আৰু পঞ্চম পর্যায়ত প্রমাণ লুকুওৱা হৈছিল। তেওঁ কয়, 'মহৰাষ্ট্ৰত বিজেপি ইমান হতাশ কিয় হৈছিল সেইটো বুজি পোৱাটো কঠিন নহয়। কিন্তু জালিয়াতি মেচ ফিক্সিঙৰ দৰেই। কিন্তু ইয়াৰ ফলত প্ৰতিষ্ঠানৰ ক্ষতি হয় আৰু ইয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা নোহোৱা হয়।