ডিজিটেল ডেস্কঃ যোৱা ২২ এপ্রিলত পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পাছত হোৱা ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ সময়ত পাকিস্তানৰ আক্ৰমণত পিতৃ-মাতৃক হেৰুওৱা ২২টা শিশুৰ ভৰণ-পোষণৰ দায়িত্ব লৈছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ মুৰব্বী তাৰিক হামিদ কাৰাই কয় যে পাকিস্তানী গোলাবৰ্ষনত পৰিয়ালটোৰ মুৰব্বী তথা পিতৃ-মাতৃ উভয়কে হেৰুওৱা পুঞ্চৰ ২২টা শিশুৰ শিক্ষা আৰু ভৰণ-পোষণৰ দায়িত্ব লৈছে ৰাহুল গান্ধীয়ে। তাৰিকে কয় যে বুধবাৰে এই বিত্তীয় সাহায্যৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব আৰু শিশুবোৰে স্নাতক পর্যায় পোৱালৈকে এই বিত্তীয় সাহায্য অব্যাহত থাকিব।