বিহাৰত বৰষুণ-শিলাবৃষ্টি, বজ্ৰপাতে চলালে তাণ্ডৱলীলা

dainik janambhumi April 11, 2025

ডিজিটেল ডেস্কঃ বিহাৰত প্রতিকূল বতৰে তাণ্ডৱ চলোৱাৰ পাছত বিগত ২৪ ঘণ্টাত ৩১জন লোকৰ মৃত্যু হৈছে। তদুপৰি, বৰষুণ, বজ্রপাত আৰু বিজুলী-ঢেৰেকনি আদিৰে সৃষ্টি হোৱা বতৰৰ প্রতিকূল পৰিস্থিতিৰ বাবে বহু ঠাইত খাদ্য শস্য আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। 

এই বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে বেগুচৰাইত ৫জন, দাৰভাংগাত ৫জন, মধুবানীত ৩জন, চহৰছা আৰু সমষ্টিপুৰত ২জনকৈ আৰু লক্ষীচৰাই আৰু গয়া জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে। নালন্দাত সৰ্বাধিক ১৮ জন লোকৰ মৃত্যু হৈছে। বিভিন্ন ঠাইত বৰষুণৰ লগতে ধুমুহা অহাত বহু গছ-গছনি উভালি পৰিছে। 

বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এই পৰিস্থিতিক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ প্ৰতিটো পৰিয়াললৈ ৪ লাখকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে। ইফালে বতৰ বিজ্ঞান বিভাগে অহা ৪৮ ঘণ্টাত ৰাজ্যখনত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে।

Share This