ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুর্ঘনাটোত বিধ্বস্ত হোৱা বিমানখনৰ ধ্বংসাৱশেষৰ তলত ৰাজস্থানৰ এটা পৰিয়ালৰ এটা ফ'ন হয়তো হেৰাই গৈছে অথবা অগ্নিকুণ্ড ভস্ম হৈছে ফ'নটো। কিন্তু এই বিশেষ ফ'নটোত এটা দুৰ্ভগীয়া পৰিয়ালৰ এখন বিশেষ ছেলফিৰ ফটো আছিল। সেই বিশেষ ছেলফিখনত কোমি ব্যাস নামৰ এগৰাকী চিকিৎসকৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ ফটো আছিল।
ৰাজস্থানৰ উদয়পুৰত কৰ্মৰত থকা চিকিৎসক ব্যাসে তেওঁৰ সেই চাকৰিটো ইস্তফা দি লণ্ডনত থকা তেওঁৰ স্বামী ডাঃ প্রতীক যোশীৰ সৈতে একেলগে থাকিবলৈ তেওঁলোকৰ তিনিটা সন্তানৰ সৈতে লণ্ডন অভিমুখে অভিশপ্ত বিমানখনত উৰা মাৰিছিল। ছেলফিখনত পৰিয়ালটোৰ আনন্দ আৰু নতুন জীৱনৰ বাবে তেওঁলোকৰ উৎসাহী মনোভাব প্রতিফলিত হৈছিল। ছেলফিখন ডাঃ যোশীয়ে তেওঁৰ পত্নী আৰু তিনি সন্তানক লৈ অভিশপ্ত বিমানখনতেই তুলিছিল। ৰাজস্থানৰ বানস্বৰালৈ চলিত সপ্তাহতে অহা ডাঃ যোশীয়ে নিজৰ পৰিয়ালটোক লৈ লণ্ডনলৈ ৰাওনা হৈছিল। কিন্তু নিয়তিৰ কি পৰিহাস! তেওঁলোকৰ সপোন পূৰণ নহ'ল। এই ভয়ংকৰ বিমান দুর্ঘটনাটোত পৰিয়ালটোৰ পাঁচগৰাকী সদস্যই মৃত্যুক সাবটি ল'লে।
পাঁচমাহৰ পূৰ্বে বিবাহ, বিদেশত থকা স্বামীৰ ওচৰলৈ প্ৰথমবাৰ যোৱা খুছবুৰ মৃত্যু:
আহমেদাবাদ বিমান দুর্ঘটনাৰ আন এক কৰুণ কাহিনী পোহৰলৈ আহিছে। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীক লগ ধৰিবলৈ লণ্ডনলৈ উৰা মৰা খুছবুৰ সপোন নিমিষতে ছাৰখাৰ হৈ গ'ল। ৰাজস্থানৰ বালুতৰাৰ নিবাসী মদন সিং ৰাজপুৰোহিতৰ কন্যা খুছবুৱে পাঁচ মাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। বিবাহৰ পাঁচমাহৰ পাছত লণ্ডনৰ চিকিৎসক হিচাপে কৰ্মৰত স্বামীক লগ ধৰিবলৈ অভিশপ্ত বিমানখনেৰে যাত্ৰা কৰাৰ পাছতে বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ বাবে খুছবুৱে মৃত্যুক সাৱতি লয়।