ৰিয়ানৰ নেতৃত্বৰ চমক, আই পি এলৰ 'প্লে-অফ'ত ৰাজস্থান ৰয়েলছ

dainik janambhumi May 25, 2026

ডিজিটেল ডেস্ক : অসম সন্তান ৰিয়ান পৰাগৰ বলিষ্ঠ নেতৃত্বৰ লগতে জুফ্ৰা আৰ্চাৰৰ অলৰাউণ্ড প্ৰদৰ্শনৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছক কালি ৩০ ৰানত হৰুৱাই ৰাজস্থান ৰয়েলছে চতুৰ্থটো দল হিচাপে আই পি এলৰ প্লে'-অফত প্ৰৱেশ কৰে। 

প্ৰথমবাৰলৈ ৰাজস্থানৰ পূৰ্ণকালীন অধিনায়কৰ দায়িত্ব লৈ ৰিয়ানে সমুখৰ পৰা নেতৃত্ব দিয়াৰ বাবেই দলৰ এই প্ৰদৰ্শন সম্ভৱ হৈ উঠে। ৰিয়ানক বাদ দি আন দলসমূহৰ অধিনায়ক আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিজ্ঞতাৰে পুষ্ট আছিল। তালৈ চাই ৰিয়ানৰ দল ৰাজস্থানে দুই-এখন খেলত জয়ী হ'ব বুলি ধাৰণা কৰা হৈছিল। পিছে সেই সম্ভাৱনা একাষৰীয়া কৰি ৰিয়ানে সকলো সমীকৰণ সলনি কৰি দিয়ে। 

ইফালে, আৰ্চাৰে প্ৰথমে ১৫টা বলত ৩২ ৰান গোটাই ৰাজস্থানৰ স্ক'ৰ ৮ উইকেটত ২০৫ ৰানলৈ তুলি নিয়ে। ইয়াৰ পাছত ১৭ ৰানত তিনিটা উইকেট দখল কৰি মুম্বাইৰ ইনিংছ ৯ উইকেটত ১৭৫ ৰানত সীমিত ৰখাত আগভাগ লয়। ৰাজস্থানৰ ৮ উইকেটত ২০৫ ৰানৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে সূর্যকুমাৰ যাদৱৰ ৬০ আৰু হার্দিক পাণ্ডিয়াৰ ৩৪ আৰু উইল জেছৰ ৩৩ ৰান সত্ত্বেও জয়ৰ পৰা বঞ্চিত হয়। আৰ্চাৰক যোগ্য সহযোগিতা আগবঢ়াই দুটাকৈ উইকেট দখল কৰে নান্দ্ৰে বাৰ্গাৰ, ব্রিজেশ শৰ্মা আৰু যশৰাজ পুঞ্জাই। ৰাজস্থানে এই জয়েৰে আই পি এলৰ পইণ্টৰ তালিকাত চতুর্থ স্থান দখল কৰে আৰু তেনেদৰেই পঞ্জাব কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ প্রতিযোগিতাৰ পৰা বাহিৰ হয়। ইয়াৰ আগেয়ে শেষৰফালে জুফ্ৰা আৰ্চাৰ (১৫টা বলত ৩২) আৰু ৰবীন্দ্ৰ জাদেজাৰ (১১ বলত অপঃ ১৯) উপযোগী বৰঙনিৰ যোগেদি ৰাজস্থান ৰয়েলছে ৮ উইকেটত ২০৫ ৰান সংগ্ৰহ কৰিছিল। 

চলিত সংস্কৰণৰ আই পি এলত প্লে'অফত প্ৰৱেশ কৰিবলৈ কালিৰ খেলখনত জয়ৰ বিনে গতি নোহোৱা ৰাজস্থান ৰয়েলছে অন্তিম ৫ অ'ভাৰত ৰান যোগ দিয়ে ৭৩। আগশাৰীৰ বেটাৰৰ ব্যৰ্থতাৰ পাছত আৰ্চাৰ আৰু জাদেজাই দুৰন্ত বেটিঙেৰে দলীয় স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰোঁৱাত আগ-ভাগ লয়। আর্চাৰে ১৫টা বলত তিনিটা ছয় আৰু এটা চাৰিৰে নিজৰ ইনিংছটো সজায়। আনহাতে, ৯ নম্বৰত বেট ধৰি থকা জাদেজাই তিনিটা চাৰিৰে ১৯ ৰানত অবিজিত থাকে। দলৰ হৈ ধ্ৰুৱ জুৰেলে সর্বাধিক ৩৮, যশস্বী জয়ছোৱালে ২৭, ডুছান ছনকাই ২৯ ৰানৰ অৱদান যোগায়। ব্যর্থ হয় বৈভৱ সূর্যবংশী (৪) আৰু অধিনায়ক ৰিয়ান পৰাগ (১৪)। মুম্বাই ইণ্ডিয়ানছৰ দীপক চাহৰ আৰু ছাদুল ঠাকুৰে দুটাকৈ উইকেট দখল কৰে।

Share This