ডিজিটেল ডেস্ক : পর্তুগাল এইবাৰৰ ফিফা বিশ্ব কাপত ফুটবলপ্রেমীৰ অন্যতম পচন্দৰ দল। দলটো অভিজ্ঞতাসম্পন্ন আৰু তৰুণ খেলুৱৈৰ সংমিশ্রণেৰে এক সন্তুলিত দল ৰূপে দেখা পোৱা গৈছে। দলটোৰ অভিজ্ঞ খেলুৱৈসকলৰ কেইবাজনৰ কেৰিয়াৰ এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক চর্চিত হোৱা খেলুৱৈজন হ'ল ক্রিষ্টিয়ানো ৰ'নাল্ডো।
ৰ'নাল্ডোৰ বোধহয় এইখনেই অন্তিম বিশ্ব কাপ। প্রখ্যাত খেলুৱৈজন তেওঁৰ খেলুৱৈ জীৱনৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটোৰ সন্ধানত আছে। সেয়া হ'ল বিশ্ব কাপৰ ফাইনেলৰ দিনা ট্ৰফীত চুম্বন কৰাৰ। তেওঁৰ দল পর্তুগালৰো বিশ্ব কাপ জয়ৰ দীৰ্ঘদিনীয়া সপোন এতিয়াও আধৰুৱা হৈ আছে। এই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰ'নাল্ডোৰ সন্মুখত এয়াই শেষ সুযোগ।
পর্তুগীজ দলৰ অনুৰাগীসকলেও এইবাৰ অতি আগ্রহেৰে বাট চাই আছে ৰ'নাল্ডোলৈ। ৰ'নাল্ডোৱে তেওঁৰ অন্তিম বিশ্ব কাপত এইবাৰ ট্ৰফী জয় কৰি ঘৰলৈ আনিব পাৰিব বুলি বুলি আশা কৰি থকা হৈছে। অৱশ্যে এইবাৰৰ বিশ্ব কাপত পর্তুগাল দলটোৱে ব্যক্তিগত প্রতিভাতকৈ সমূহীয়া শক্তিক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এইবাৰৰ বিশ্ব কাপত খেলিবলগীয়া পৰ্টুগালৰ দলটো পূৰ্বৰ দলবোৰৰ তুলনাত অধিক শক্তিশালী।
মেনেজাৰ ৰবার্টো মার্টিনেজে এনেকুৱা এটা দল লৈ বিশ্ব কাপত খেলিবলৈ গৈছে, যিটোৱে খেলপথাৰত বলৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে খেলপথাৰৰ বিভিন্ন স্থানৰ পৰা সুযোগ সৃষ্টি কৰাত পাকৈত। পর্তুগালে উৱেফা নেশ্যনছ লীগত চেম্পিয়ন হোৱাৰ পাছত বিশ্ব কাপৰ মূল ৰাউণ্ডত প্ৰৱেশ কৰে। বিশ্ব কাপৰ মূল ৰাউণ্ডত খেলাৰ বাবে হোৱা যোগ্যতা অর্জনকাৰী ৰাউণ্ডতো সুন্দৰ খেল প্ৰদৰ্শন কৰে পৰ্টুগালে। যোগ্যতা অর্জনকাৰী ৰাউণ্ডত দলটোৱে চাৰিখন মেচ জয়, এখন ড্ৰ আৰু এখনত পৰাজিত হৈছিল। পর্তুগালে এই মেচকেইখনত মুঠ ২০টা গ'ল দিয়ে আৰু মাত্র সাতটা গ'ল খায়। পর্তুগাল দলটো এইবাৰৰ বিশ্ব কাপৰ অন্যতম দাবীদাৰ বুলি কোৱাৰ কাৰণ নথকা নহয়। দলটোৰ প্রতিটো পজিশ্যনতে দক্ষতাসম্পন্ন খেলুৱৈ আছে। ইয়াত তৰুণ আৰু অভিজ্ঞতাৰ সুন্দৰ সংমিশ্রণ ঘটিছে।
পৰ্টুগালৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল মিডফিল্ড। সুন্দৰ পাছ আৰু বলত নিয়ন্ত্ৰণ ৰখাৰ ক্ষমতাৰ বাবে দলটোৰ নিৰ্ভৰযোগ্য খেলুৱৈৰূপে পৰিগণিত হৈছে ভিটিন্হা। জোৱাও নেভেছে মিডফিল্ডত দলটোৰ প্ৰধান শক্তি। ব্রুনো ফার্নান্ডেজে সুযোগ সৃষ্টি কৰা আৰু গ'ল কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকতা অব্যাহত ৰাখিছে। শক্তিশালী মিডফিল্ডৰ জৰিয়তে পৰ্টুগালে বল নিজৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে মেচৰ গতিও নির্ধাৰণ কৰে। ইয়াৰ লগতে দলটোৰ খেলুৱৈসকলে দীঘলীয়া সময়ৰ বাবে বল নিজৰ পক্ষত ৰাখি আক্ৰমণৰ সুযোগ সৃষ্টি কৰিব পাৰে। এই দক্ষতাই প্রতিপক্ষই দলটোক সমীহ কৰি চলিবলৈ বাধ্য কৰায়। দলটোৰ প্ৰধান আকর্ষণ হ'ল ৪১ বছৰীয়া ৰ'নাল্ডো। এইবাৰ তেওঁ ট্ৰফী জয়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। পাঁচবাৰ বেল ডিঅ'ৰ জয় কৰা ৰ'নাল্ডোৰ কেৰিয়াৰ চমকপ্রদ যদিও বিশ্ব কাপ হ'ব তেওঁৰ বাবে চূড়ান্ত পুৰস্কাৰ। যোগ্যতা অর্জনকাৰী ৰাউণ্ডত ৰ'নাল্ডোৱে দলৰ হৈ সর্বাধিক পাঁচটা গ'ল দিয়ে। কিন্তু দলটোৰ প্ৰধান দুর্বলতা হ'ল প্ৰতিৰক্ষাত ডিফেণ্ডাৰসকলে প্ৰায়ে প্রতিপক্ষাৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হয়। উইং এৰিয়াত দলটোৰ দুৰ্বলতা আছে।