ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ সংকটে ভাৰতৰ অৰ্থনীতিৰ লগতে আন্তঃগাঁথনি খণ্ডতো ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে। যুদ্ধৰ লগতে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতত খাৰুৱা তেল, সাৰৰ লগতে আলকতৰাৰ (তাৰকোল) ক্ষেত্ৰতো সংকটৰ সৃষ্টি কৰিছে। ফলত দেশত আলকতৰাৰ তীব্র নাটনিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশত নতুন পথ নির্মাণ আৰু পুৰণি পথৰ মেৰামতিৰ কাম স্থবিৰ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে।
আলকতৰাৰ যোগান হ্রাস পোৱাৰ ফলত ইয়াৰ দাম দুগুণ বৃদ্ধি পাইছে। যদিহে সময়মতে পর্যাপ্ত পৰিমাণৰ আলকতৰা পোৱা নাযায় তেতিয়া পথ নির্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। টাইমছ্ অব্ ইণ্ডিয়াত প্রকাশিত এটা বাতৰিত কোৱা হৈছে যে মধ্য প্রাচ্যৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত সাধাৰণ শ্ৰেণীৰ আলকতৰাৰ দাম দুগুণলৈ বৃদ্ধি পায়।
১৫ জুলাইলৈকে কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ৬ লাখ টন আলকতৰাৰ প্ৰয়োজন, কিন্তু আলকতৰাৰ যোগান প্রায় শূন্য বুলি বাতৰিটোত কোৱা হৈছে। পথ নির্মাণ উদ্যোগৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰি দেশত তেলৰ সংকটৰ জোৰা মাৰিবলৈ সক্ষম হৈছে ঠিকেই কিন্তু বিটুমিনৰ সংকট দূৰ কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাছিয়াৰ পৰা ক্ৰয় কৰা খাৰুৱা তেল আলকতৰা উৎপাদনৰ বাবে উপযুক্ত নহয়।