ডিজিটেল ডেস্ক : চলিত আই পি এলত জয়েৰে অভিযান আৰম্ভ কৰা ৰাজস্থান ৰয়েলছে অহা সাত এপ্ৰিলত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত দলটোৰ দ্বিতীয়খন ঘৰুৱা মেচত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰে মুখামুখি হ'ব। ইতিমধ্যে এই মেচৰ টিকট ডিষ্টিক্ট-জ'মাটো এপত মুকলি কৰা হৈছে। দর্শকে এপ ষ্ট'ৰ অথবা গুগুল প্লে' ষ্ট'ৰ পৰা ডিষ্টিক্ট-জ'মাটো এপটো ডাউনল'ড কৰি অতি সহজে নিজৰ পচন্দৰ টিকটটো ম'মাইল ফ'নতে কিনিব পাৰিব।
ইফালে, অনলাইন ব্যৱস্থাৰ লগতে দৰ্শকৰ সুবিধাৰ বাবে অফলাইনতো আৰ আৰ বনাম এম আইৰ মেচৰ টিকট দি থকা হৈছে। ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পার্টনাৰ ডিষ্ট্ৰিক্ট বাই জ'মাটোৰ ফালৰ মহানগৰীৰ দুটা স্থানত অহা ১০ এপ্রিললৈ টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি জি এছ ৰ'ডৰ চিটি চেণ্টাৰ আৰু এ চি এ ষ্টেডিয়ামৰ কাষৰ ছাউথ পইন্ট স্কুলত দর্শকে অনলাইন আৰু অফলাইন টিকট পাব। ইফালে, আজিৰ পৰা এই দুটা স্থানতে আৰ আৰ বনাম এম আই মেচৰ ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ টিকটো দিয়া হ'ব। উল্লেখযোগ্য যে দলটোৱে ইতিমধ্যে জনাইছিল যে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে মাত্র ৭৯৯ টকাতে টিকট ক্ৰয় কৰি গুৱাহাটীত হ'বলগীয়া আই পি এল মেচৰ ৰোমাঞ্চ উপভোগ কৰিব পাৰিব। উল্লেখযোগ্য যে প্রথম মেচত বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙে ইতিমধ্যে গুৱাহাটীৰ ক্ৰিকেটপ্রেমীৰ হৃদয় জয় কৰিছে।
বৈভৱক ষ্টেডিয়ামত চাবলৈ উৎকণ্ঠাত আছে ইতিমধ্যে আৰ আৰ বনাম এম আই মেচৰ টিকট ক্ৰয় কৰা দৰ্শকসকল। গুৱাহাটীৰ প্ৰথম মেচৰ পাছতে বিগত ২৪ ঘণ্টাত অভাৱনীয়ভাৱে সাত এপ্ৰিলৰ মেচক টিকট বিক্রী হৈছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ খেলিব আহিব মুম্বাই ইন্ডিয়ানছ। ৰোহিত শৰ্মা, যশপ্রীত বুমৰাহ, হার্দিক পাণ্ডিয়া, সূর্যকুমাৰ যাদৱ, তিলক বাৰ্মা আদি ভাৰতীয় তাৰকাৰে ভৰপূৰ দলৰ মেণ্টৰ ক্ৰিকেটৰ ভগৱান ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগেও অনুৰাগীৰ সমর্থন ষ্টেডিয়ামত বিচাৰিছে।