ডিজিটেল ডেস্ক: আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ সামৰিক শক্তিক প্রত্যাহ্বান জনাই চীনে ইয়াৰ এখন নির্জন মৰুভূমিত নির্মাণ কৰিছে পাৰমাণৱিক অস্ত্ৰৰ মহানগৰ। নির্জন মৰুভূমিখনৰ ভূখণ্ডত নিৰ্মাণ কৰা এই গোপন পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰৰ ঘাটিটোক বিশ্বৰ কোনো শক্তিয়ে চুব নোৱাৰাকৈ ডিজাইন কৰিছে চীনে। ব্যাপক পৰিসৰৰ এই সামৰিক চৌহদটোৰ নির্মাণে আকাৰ লাভ কৰিছে। নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, চীনৰ এই প্ৰতি আক্ৰমণৰ সক্ষমতাক আমেৰিকাৰ পাৰমাণৱিক আক্রমণে চুবই নোৱাৰিব। এই গোপন পাৰমাণৱিক ঘাটিৰ পৰা চীনে আমেৰিকাৰ যিকোনো অঞ্চলৰ লক্ষ্যত আঘাত হানিব পাৰিব।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছে এটা ছেটেলাইট ইমেজৰ পৰ্যালোচনা কৰি চীনৰ এই নির্জন মৰুভূমিত নিৰ্মাণ কৰা গোপন পাৰমাণৱিক অস্ত্র-ভাণ্ডাৰৰ তথ্য প্রকাশ কৰে। চীনৰ সামৰিক বাহিনীৰ দীর্ঘ দূৰত্বৰ পাৰমাণৱিক ক্ষেপণাস্ত্র ৰখা এই ঘাটিত আছে ৮০টা লঞ্চপেড আৰু তিনি তৰপীয়া অক্টাজেন আকৃতিৰ সংস্থাপন পদ্ধতি। চীনৰ দুৰ্গম উত্তৰ-পশ্চিম অঞ্চলৰ হামী পাৰমাণৱিক ঘাটিৰ সমীপৰ মৰুভূমিত ইয়াক নিৰ্মাণ কৰা হৈছে।
ছেটেলাইট ইমেজত ধৰা পৰা অনুসৰি, ৮০টা লঞ্চপেডত সম্ভাব্য ব্যৱহাৰৰ বাবে ম'বাইল মিছাইল লঞ্চাৰ আৰু এয়াৰ ডিফেন্স বেটাৰী আছে। যিকোনো ইলেক্ট্রনিক যুদ্ধ শৈলী, উপগ্রহীয় যোগাযোগ আৰু যুদ্ধ পৰিচালনাৰ বাবে কমাণ্ড প'ষ্ট আদি আছে এই পাৰমাণৱিক ঘাটিত। অভূতপূর্ব পৰিসৰত নিৰ্মাণ কৰা এই ব্যাপক সামৰিক চৌহদত নির্মাণ কৰা এই পাৰমাণৱিক ঘাটিৰ জৰিয়তে চীনে শত্রু পক্ষক আক্রমণ চলাবও পাৰিব আৰু আক্রমণ প্রতিহতও কৰিব পাৰিব। বিশেষকৈ টাইৱান সন্দৰ্ভত আমেৰিকাৰ সৈতে মতপার্থক্য হোৱাৰ সময়ত চীনৰ এই গোপন পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ, বিশ্বৰ ভূ-ৰাজনৈতিক প্রেক্ষাপটত লক্ষণীয় হৈ পৰিছে। নিৰাপত্তা বিশেষজ্ঞ আলেকজেণ্ডাৰ নেইলে কয় যে পাৰমাণৱিক ঘাটিৰ কাষতে মৰুভূমিত হাজাৰ হাজাৰ বৰ্গকিল 'মিটাৰ জোৰা এলেকাত ব্যাপক পৰিসৰত নিৰ্মাণ কৰা চীনৰ এই সামৰিক চৌহদ বিশ্বৰ ভিতৰতে অভূতপূর্ব।
বিশ্বৰ সামৰিক শক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৰূপান্তৰ কৰি চীনে এই নির্জন পাৰমাণৱিক ঘাটিত লঞ্চপেড, বাংকাৰ, মিছাইল-ডিফেন্স ছিষ্টেম আৰু গোপন কমাণ্ড হাব নিৰ্মাণ কৰিছে। বিশেষজ্ঞসকলে সতর্ক কৰি দিছে যে চীনৰ এই পাৰমাণৱিক শক্তি সম্প্ৰসাৰণে নাটকীয়ভাৱে ৱাশ্বিংটন আৰু বেইজিঙৰ মাজৰ উত্তেজনা অধিক বৃদ্ধি কৰিব।