মুখ্য সেনাধ্যক্ষ উপেন্দ্র দ্বিবেদীৰ হুংকাৰ, 'অপাৰেশ্যন সেন্দূৰ ২.০'ৰ বাবে প্রস্তুত দেশৰ সেনা

dainik janambhumi May 31, 2026

ডিজিটেল ডেস্ক : পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেশ্যন সেন্দূৰ ২.০' চলোৱাৰ বাবে ভাৰতে প্রস্তুতি চলাই আছে। দেশৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে শনিবাৰে কয় যে 'অপাৰেশ্যন সেন্দূৰ' বন্ধ হোৱা নাই, এই সামৰিক অভিযানৰ প্রক্রিয়া চলিয়েই আছে। এই অভিযান সাময়িকভাৱে বিৰতি দিয়া হৈছে, কিন্তু ভাৰতৰ সশস্ত্র বাহিনী অভিযানৰ বাবে সতর্ক হৈ আছে আৰু যিকোনো ভৱিষ্যতৰ আগ্ৰাসনৰ বাবে প্রস্তুত হৈ আছে। 

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমিৰ (এন ডি এ) ১৫০সংখ্যক পাঠ্যক্ৰমৰ পেৰেডত উত্তীৰ্ণসকলৰ বিষয়ত পৰ্যালোচনা কৰি জেনেৰেল দ্বিবেদীয়ে কয় যে ভাৰতীয় সেনা, বায়ু সেনা আৰু নৌ সেনাই যিকোনো সম্ভাব্য আক্ৰমণৰ বাবে প্রস্তুতি চলাই আছে। 

জেনেৰেল দ্বিবেদীয়ে ইয়াক 'অপাৰেশ্যন সেন্দূৰ ২.০' আখ্যা দিয়ে। সেনাধ্যক্ষজনে কয় যে তিনিও সেনাৰ একত্ৰিত সামৰিক শক্তিক অধিক শক্তিশালী কৰাত বৰ্তমান গুৰুত্ব দিয়া হৈছে আৰু ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰৰ বাবে সাজু কৰা হৈছে।

Share This