২২ জুলাইত দুবছৰ পূৰ্ণ উপলক্ষে লতাশিলত সাংস্কৃতিক অনুষ্ঠান, নিৰুদ্দিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা উভতি অহাৰ আহ্বান গুণমুগ্ধৰ

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : নিৰুদ্দিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক উভতি অহাৰ বাবে তেওঁৰ গুণমুগ্ধসকলে একত্রিত হৈ অহা ২২ জুলাইত এক আহ্বান জনাব। সকলোৰে গভীৰ আশা আদৰৰ শিল্পীগৰাকী কুশলে আছে আৰু তেওঁ সোনকালেই উভতি আহিব। 

উল্লেখযোগ্য যে লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, সদৌ গুৱাহাটী ছাত্র সন্থা আৰু অনুৰাগী সমাজে শিল্পীগৰাকী নিৰুদ্দিষ্ট হোৱাৰ দুবছৰ পূৰ্ণ হোৱা দিনটোত শিল্পীগৰাকীৰ লতাশিলৰ বাসভবন চৌহদত সন্ধিয়া ৬-৩০ বজাত তেওঁৰ সুৰাৰোপিত গীতসমূহৰ স্মৃতিৰ সজল ৰোমন্থনৰ 'সমলয়' শীর্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। 

অনুষ্ঠানত সমৱেত অনুৰাগীসকলে সংগীত শিল্পীগৰাকীক উভতি আহি সৃষ্টিশীল জীৱনত পুনৰ মনোনিৱেশ কৰিবলৈ আকুল আহ্বান জনাব। উদ্যোক্তাসকলে ৰমেন বৰুৱাৰ গুণমুগ্ধসকলৰ উপস্থিতি সাদৰেৰে কামনা কৰিছে।

Share This