ৰণবীৰ কাপুৰৰ প্ৰথম পত্নী নহয় আলিয়া ভাট, এই কথা প্ৰকাশ বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ

Rashmi March 23, 2025

ডিজিটেল ডেস্ক : অভিনেতা ৰণবীৰ কাপুৰে প্ৰকাশ কৰা এটা কথাই এতিয়া অনুৰাগীসকলক আকৰ্ষিত কৰি তুলিছে। ৰণবীৰ কাপুৰ তেওঁৰ পত্নী, অভিনেত্ৰী আলিয়া ভাট আৰু তেওঁলোকৰ জীয়েক ৰাহাৰ বাবে নিখুঁত পৰিয়ালৰ পুৰুষ অভিনেতাজনে জনপ্ৰিয় বলিউড অভিনেত্ৰী আলিয়া ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ২০২২ চনত। কিন্তু ৰণবীৰ কাপুৰৰ এয়া প্ৰথম বিবাহ নহয়। ইয়াৰ পূৰ্বেও‌ বিবাহপাশত আবদ্ধ হৈছিল অভিনেতাগৰাকী। এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে। আলিয়া ভাট হৈছে তেওঁৰ দ্বিতীয়গৰাকী পত্নী।

অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ জীৱনলৈ প্ৰথম এজনী ছোৱালী আহিছিল। কিন্তু সেই ছোৱালীজনীক তেওঁ লগ পোৱা নাছিল। ছোৱালীজনী অহাৰ কথা কৈছিল তেওঁৰ চকীদাৰজনে। লগতে চকীদাৰজনে এইটো কয় যে ছোৱালীজনীয়ে এজন পণ্ডিতৰ সৈতে আহি ৰণবীৰৰ গেটৰ সন্মুখত বিয়া হৈছিল। ৰণবীৰ কাপুৰ  সেই সময়ত চহৰৰ বাহিৰত আছিল। 

সেয়ে তেওঁ সাক্ষৎকাৰটোত কয় যে "মোৰ প্ৰথম পত্নীক এতিয়াও লগ পোৱা নাই, গতিকে আপোনাক এটা সময়ত লগ পাবলৈ মই আগ্ৰহী,”। আৰু তেতিয়াৰ পৰাই অভিনেতাগৰাকীয়ে সেই অচিনাকি ছোৱালীজনীক প্ৰথম পত্নী হিচাপে গ্ৰহণ কৰি আহিছে। ইফালে ছোৱালীজনীক লগ পাবলৈও তেওঁ উৎসুক হৈ আছে।

Share This