ডিজিটেল ডেস্কঃ ২০২৫ চনৰ শেষৰ ফালে মুক্তি পোৱা বলিউডৰ ছবি 'ধুৰন্ধৰ' এতিয়া কেৱল চিনেমা হলৰ পৰিসৰতে সীমাবদ্ধ হৈ থকা নাই। ছবিখনৰ অতি জনপ্ৰিয় ট্ৰেক 'FA9LA' এ এতিয়া বিশ্ব সংগীতৰ মানচিত্ৰত এক নতুন ইতিহাস ৰচনা কৰিছে। এই গীতটোৰ বাবে বাহৰেইনৰ বিখ্যাত ৰেপাৰ ফ্লিপেৰাচী (Flipperachi) ৰ নাম এতিয়া 'গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ত লিপিবদ্ধ কৰা হৈছে।
আচলতে এই গীতটোৱে 'বিলব'ৰ্ড আৰবী চাৰ্ট' (Billboard Arabia Chart) ত সৰ্বাধিক সময়ৰ বাবে শীৰ্ষস্থান দখল কৰি এক বিৰল অভিলেখ গঢ়িছে। গীতটোত অভিনেতা অক্ষয় খান্নাৰ অনন্য নৃত্যশৈলীয়ে বিশ্বজুৰি অনুৰাগীক আমোদ দিছিল, যাৰ ফলত ছ’চিয়েল মিডিয়াত লাখ লাখ 'ৰীল' বনাইছিল।
নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰৰ সৈতে ফটো শ্বেয়াৰ কৰি গায়কজনে নিজৰ উছাহ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে 'মই ভাবিবই পৰা নাছিলোঁ যে আৰবী ভাষাত এবছৰ পূৰ্বেই মুক্তি পোৱা এটা গীত ইমান জনপ্ৰিয় হৈ পৰিব। এই গীতটোৱে একেলগে বিভিন্ন চাৰ্টত শীৰ্ষস্থান দখল কৰিছে।'
কোন এই ফ্লিপেৰাচী?
সংগীত জগতত ফ্লিপেৰাচী নামেৰে পৰিচিত এই শিল্পীগৰাকীৰ প্ৰকৃত নাম হ’ল হুছাম মহম্মদ আছিম। বিগত এক দশক ধৰি আৰবী হিপ-হপ সংগীতৰ সৈতে জড়িত আছিমে মধ্য-প্ৰাচ্যৰ সংগীতক বিশ্বদৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বলিউডত 'ধুৰন্ধৰ'ৰ জৰিয়তে কৰা অভিষেক তেওঁৰ কেৰিয়াৰৰ বাবে এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছে।
'ধুৰন্ধৰ ২'ৰ বাবে অপেক্ষা
ফ্লিপেৰাচীৰ এই সফলতাই ভাৰতীয় অনুৰাগীসকলকো উৎসাহিত কৰি তুলিছে। খবৰ অনুসৰি, গায়কজনে অতি শীঘ্ৰেই ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ইফালে, ২০২৬ চনৰ ১৯ মাৰ্চত 'ধুৰন্ধৰ ২' মুক্তি পাবলৈ সাজু হৈছে। ছবিখনৰ দ্বিতীয় খণ্ডতো এনেধৰণৰ কোনো 'ভাইৰেল' গীত থাকিব নেকি, তাক লৈ এতিয়া দৰ্শকৰ মাজত ব্যাপক চৰ্চা চলিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল