অনেক উপকাৰী গুণেৰে সমৃদ্ধ কঁঠালৰ মুচি; খাওক আৰু সুস্বাস্থ্য গঢ়ি তোলক

Rashmi March 27, 2026

ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি (কেঁচা কঁঠাল) অসমীয়া সমাজত অতি জনপ্ৰিয় আৰু পুষ্টিকৰ এবিধ খাদ্য। ইয়াৰ তৰকাৰী সোৱাদত মাংসৰ দৰে হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ (fiber), ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। 

হজম শক্তি বৃদ্ধি: উচ্চ আঁহযুক্ত হোৱাৰ বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰে।
ৰোগ প্ৰতিৰোধ: ভিটামিন C-য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
হৃদযন্ত্ৰৰ বাবে উপকাৰী: পটাছিয়াম থকাৰ বাবে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
শক্তি প্ৰদান: ইয়াত থকা প্ৰাকৃতিক চেনি (fructose/sucrose) এ তাৎক্ষণিক শক্তি প্ৰদান কৰে।
ছাল আৰু চুলি: ভিটামিন A-য়ে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে। 

কঁঠালৰ মুচিৰ তৰকাৰী, ভাজি বা চৰচৰী কৰি অসমীয়া ভোজনত প্ৰধানকৈ গ্ৰীষ্মকালত বা ৰঙালী বিহুৰ সময়ত খোৱা হয়। কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল ((Jackfruit)  যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 

কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এণ্টিঅক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কঁঠালৰ মুচিৰ উপকাৰিতা

১)কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে  ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলটৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।

২)কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।

৩)কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।

৫)প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  

৬) কেঁচা কঁঠালে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

৭)ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

৮)ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।

৯)এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।

Share This