বিশ্ব পর্যায়ত নিবিদা জাৰি, আৰ বি আয়ে প্রচলন কৰিব প্লাষ্টিক ন'ট

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজাৰ্ভবেংকে দেশত প্লাষ্টিক অর্থাৎ পলিমাৰেৰে তৈয়াৰ কৰা ন'টৰ প্ৰচলন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ বাবে আৰ বি আইৰ ন'ট প্রিন্টিং শাখাই বিশ্ব পর্যায়ত নিবিদা (এক্সপ্রেশ্যন অব্ ইণ্টাৰেষ্ট বাই অ' আই) জাৰি কৰে। এই নিবিদা আহ্বান কৰা হৈছে বিশেষ প্ৰকাৰৰ 'পলিমাৰ ছাবষ্ট্রেট শ্বিট'ৰ উৎপাদন আৰু যোগানৰ বাবে। ইয়াক প্লাষ্টিক ন'ট ছপা কৰাত ব্যৱহাৰ কৰা হ'ব। 

সূত্ৰসমূহে প্রকাশ কৰা মতে, আৰ বি আয়ে প্রথমে কম মূল্যৰ অৰ্থাৎ ১০ টকীয়া আৰু ২০ টকীয়া ন'টৰ পৰীক্ষামূলক প্রচলন (পাইলট প্রজেক্ট) আৰম্ভ কৰিব। এয়া সফল হ'লে অহা বছৰ সমগ্ৰ দেশত পূর্ণ পর্যায়ত প্লাষ্টিক ন'টৰ প্ৰচলন আৰম্ভ কৰিব। 

আৰ বি আয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে প্লাষ্টিকৰ ন'টৰ লগতে পুৰণি কাগজৰ ন'টৰ প্রচলনো চলি থাকিব আৰু প্ৰথম অৱস্থাত প্লাষ্টিকৰ ন'টে কাগজৰ ন'টৰ স্থান নলয়। পাছত পর্যায়ক্রমে ইয়াৰ সলনি কৰা হ'ব।

Share This