ডিজিটেল ডেস্ক: শান্তিৰ প্রতীক স্বৰূপ পাৰ চৰাই। সমাজত শান্তিৰ বাণী বিলাবলৈ সময়ে সময়ে উৰুৱাই দিয়া হয় বগা পাৰ। পুৰণি দিনত ডাকোৱাল হিচাপেও ইয়াক ব্যৱহাৰৰ প্ৰথা আছিল। বিশেষকৈ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পাৰ চৰাইৰ জৰিয়তে এটা ক্ষেত্ৰৰ পৰা অন্য স্থানলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। অতীতৰ সেই পত্ৰ প্ৰেৰণৰ কথাই আমাৰ লোক সংগীতটো স্থান পাইছে। পূর্বতে, বিশেষকৈ নামনি অসমৰ অঞ্চলে অঞ্চলে প্রায় প্রতিটো পৰিয়ালে প্রতিপালন কৰিছিল পাৰ চৰাই। দৰাচলতে, বিশ্বত অলেখ প্ৰজাতিৰ পাৰ চৰাই আছে।
ভিন্ন প্ৰজাতিৰ এই পাৰ চৰাইসমূহক লৈ যে এক বৃহৎ ব্যৱসায় বা মানুহৰ চখ পূৰণ হ'ব পাৰে সেয়া বহুতৰে অগোচৰ। এই ক্ষেত্ৰত এগৰাকী পশু চিকিৎসকে দেখুৱাইছে নিদর্শন। গুৱাহাটীৰ ছয়মাইলত তেওঁৰ ঘৰ। নাম ডাঃ মনীষ বৰা। তিনিটা গিনিপিগৰ পোৱালিৰ বিনিময়ত তেওঁ আনিছিল এযোৰ ময়ূৰপংখী পাৰ বা মছক্কলি। সেয়া আছিল ২০১৭ চনৰ কথা। গৃহপালিত পক্ষীৰ ভিতৰত আটাইতকৈ বেছি বেচা-কিনা কৰা চৰাই এই পাৰৰ প্রতি ডাঃ মনীষ বৰাৰ সৰুৰে পৰাই আছিল অকৃত্রিম প্রীতি। যাৰ বাবে তেওঁ ময়ূৰপংখী এযোৰ অনাৰ কিছুদিনৰ পাছতে আনে 'চিৰাজি' পাৰ চৰাই। এই পাৰৰ যথেষ্ট পোৱালি হৈছিল। ইয়াৰ পাছতে তেওঁ সংগ্ৰহ কৰে অষ্ট্ৰেলিয়ান পাৰ চৰাই 'মুকি'। এনেকৈ তেওঁ ২০২১ চনৰ ভিতৰত ৩০টা প্ৰজাতিৰ বিদেশী পাৰ চৰাই সংগ্ৰহ কৰে। তেওঁৰ পাৰৰ সংখ্যা প্রায় ৫০০লৈ বৃদ্ধি পাইছিল। এই প্রতিবেদকৰে সৈতে হোৱা কথা-বাৰ্তাত ডাঃ বৰাই পৃথিৱীৰ ভিতৰতে ওজন বিশিষ্ট দুটা প্ৰজাতিৰ পাৰ চৰাই সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰে। এই দুই প্ৰজাতিৰ পাৰ হ'ল- আমেৰিকাৰ 'জায়েণ্ট ৰাণ্ট' আৰু মধ্য প্রাচ্যৰ 'ৰোমক ৰ'লি'। তেওঁ জানিবলৈ দিয়া অনুসৰি সংগৃহীত পাৰসমূহৰ ভিতৰত আছে সর্বাধিক ওখ পাৰ চৰাই 'পাউচাৰ'। আকৌ আছে আটাইতকৈ দীঘল পাৰ চৰাই জার্মানিৰ 'অ'ল্ড জাৰ্মান' আৰু 'ক্ৰপাৰ'। 'বুডাপেষ্ট' আৰু 'ছৰ্ট ফেচ' নামৰ আটাইতকৈ সৰু প্ৰজাতিৰ পাৰৰ সংগ্ৰহো তেওঁৰ আছে। একেৰাহে বহু সময় উৰি থাকিব পৰা পাৰ চৰাই 'মাদ্ৰাছী পাৰ', 'গিৰিবাজ' আৰু 'ৰেচিং হোমাৰ' প্ৰজাতিৰ পাৰ চৰায়ো তেওঁৰ সংগ্ৰহালয়ত আছে। তেওঁ কয় যে ময়ূৰপংখী অর্থাৎ 'মছককলি' প্ৰজাতিৰ পাৰবিধ জনপ্রিয়। দেখিবলৈ শুৱনি বাবে এই প্ৰজাতিৰ পাৰ চৰাই লোকপ্রিয়। পাৰ চৰাইৰ পোৱালি হ'লে মতা-মাইকী উভয়ে নিজৰ টোটোলাৰ পৰা ক্রপ মিল্ক নামৰ এবিধ দুগ্ধজাতীয় খাদ্য মুখেৰে উলিয়াই পোৱালিক খুৱায়। এই দৃশ্য ডাঃ বৰাৰ বৰ প্ৰিয়।
তদুপৰি পাৰ চৰাইৰ মাত তেওঁ বহুত ভাল পায়। সম্প্রতি ডাঃ মনীষ বৰাই তেওঁৰ গুৱাহাটীৰ ছয়মাইলস্থিত বাসগৃহতে কাঠেৰে কিছু সজা নিৰ্মাণ কৰি পাৰ চৰাইবিলাক প্রতিপালন কৰি আছে। তেওঁ এতিয়ালৈকে প্রায় ৩০টা প্ৰজাতিৰ বিদেশী আলংকৰিক পাৰ চৰাই প্রতিপালন কৰি আছে। এই প্রজাতিসমূহ ক্রমে- মছককলি, চিৰাজি, চাইনিজ বাউল, অষ্ট্ৰেলিয়ান পাৰপন, মুকি, জেক 'বিন, কপুচিন, অ'ল্ড জার্মান কপাৰ, ব'খাৰ ট্রাম্পেটাৰ, হানা পাউটাৰ, মডিনা, কিং, ছ'ৰ্ট ফেচ, ৰান্ট, মেকপাই পাউটাৰ, ৰ'মকৰ'লি, লাহৰি, বেনজিয়ান ফেষ্টেল, হাংগেৰিয়ান, ছেটিনেট, প'মেৰিয়ান পাউটাৰ, ফ্রিল বেক, মেগপাই, ছেদেল ফেন্টেল, বিউটি হোমাৰ, গিৰিবাজ, মাদ্রাছী, ৰেচিং হোমাৰ, ছেডেল, হোৱাইট ডোভ ইত্যাদি বুলি জানিব পৰা গৈছে। প্রসংগক্রমে ডাঃ মনীষ বৰাই পাৰ চৰাই মূলতঃ তিনিটা কাৰণত পোহে বুলি কয়। খাদ্যৰ বাবে, আলংকাৰিক আৰু বহু দূৰ উৰাবলৈ পাৰ চৰাই প্ৰতিপালন কৰা দেখা যায়। কিছু পাৰ আহাৰ হিচাপে খাবলৈ পোহে। বহু প্রজাতিৰ পাৰ দেখিবলৈ শুৱনি বুলি আলংকাৰিক হিচাপে পোহা হয়। আকৌ মাদ্রাছী, গিৰিবাজ আৰু ৰেচিং হোমাৰ বুলি তিনিটা বিশেষ প্রজাতিৰ পাৰ চৰাইৰ কথা তেওঁ উল্লেখ কৰে। এই তিনি প্ৰজাতিৰ পাৰ বহু দূৰলৈ উৰিব পাৰে। সেয়ে এই পাৰবোৰ 'ৰেচিং' কৰিবলৈ প্রতিপালন কৰা দেখা যায় বুলি তেওঁ কয়। তেওঁ 'অ'ল্ড জার্মান ক্ৰপাৰ' নামৰ আটাইতকৈ মূল্যৱান পাৰ চৰাইবিধ প্রতিপালন কৰাৰ কথাও ব্যক্ত কৰে। এই পাৰবিধৰ যোৰ ৩০ৰ পৰা ৪০ হাজাৰ টকা। এনেকৈ প্রায় ৩০ প্রজাতিৰ বিদেশী আলংকাৰিক পাৰ চৰাই প্রতিপালন কৰি বহু লোকৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি। প্ৰাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় পশুপালন মন্ত্রী, বিধায়ক অতুল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে তেওঁৰ এই প্রচেষ্টা প্রত্যক্ষ কৰি শুভকামনা যাচিছে। ইয়াৰ উপৰি খানাপাৰাত অনুষ্ঠিত 'পশুধন আৰু হাঁহ-কুকুৰা মেলা'ত প্রদর্শন কৰিও তেওঁ সদাশয় ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰে। প্রথম অৱস্থাত যেতিয়া এই কাৰ্য আৰম্ভ কৰা হৈছিল, সেই সময়ত বিদেশী আলংকাৰিক পাৰ চৰাইৰ প্ৰতিপালনৰ ধাৰণা ৰাজ্যখনত প্রায় নাছিলেই। কিন্তু এতিয়া মানুহৰ মাজত ইয়াৰ প্ৰচাৰ-প্ৰসাৰ ঘটিছে। যাৰ বাবে এতিয়া এনে পাৰ চৰাইৰ চাহিদা পূর্বতকৈ বৃদ্ধি পাইছে। তেওঁ প্রকাশ কৰা মতে, ধুবুৰী, শিলচৰ, বৰপেটা, পাছিঘাট আদিৰ লগতে মণিপুৰ, মিজোৰাম, মেঘালয়, অৰুণাচল প্রদেশ আদি স্থানলৈয়ো তেওঁ বিদেশী আলংকাৰিক পাৰ চৰাই ৰপ্তানি কৰি আর্থিক ক্ষেত্ৰত লাভৱান হৈছে।