উদ্ধাৰ হ'ল ১০০খন নিযুক্তি-পত্র, জলসম্পদত নিযুক্তিৰ কেলেংকাৰি

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : জলসম্পদ বিভাগত চাকৰিৰ নামত প্রবঞ্চনা কৰা ৭টা প্রবঞ্চকক গ্ৰেপ্তাৰৰ পাছতেই জলসম্পদত চাকৰিৰ নামত দীর্ঘদিনে চলি অহা বৃহৎ প্রবঞ্চনাৰ ন ন তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে অভিযুক্তক চি আই ডিয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। জেৰাৰ অন্তত অচিৰেই আৰু বহুকেইটা প্রবঞ্চক জালত পৰাৰ সম্ভাৱনা আছে। 

ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত চি আই ডিয়ে ১২০ জন ভুক্তভোগীৰ ভাষ্য লোৱাৰ লগতে ১০০খন ভুৱা নিযুক্তি-পত্ৰও উদ্ধাৰ কৰিছে। এই প্রবঞ্চক চক্ৰটোৰ জালত পৰি চাকৰিৰ নামত ধন দি সৰ্বস্বান্ত হৈছিল বহু যুৱক-যুৱতী। জলসম্পদৰ চাকৰিৰ নামত ভুৱা নিযুক্তি-পত্ৰৰে চক্ৰটোৱে লুটিছিল লাখ লাখ টকা। একোজন প্ৰাৰ্থীৰ পৰা চাকৰিৰ নামত ৫০ হাজাৰৰ পৰা ১০ লাখ পর্যন্ত ধন সংগ্ৰহ কৰা হৈছিল। 

অৱশেষত জলসম্পদৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ এজাহাৰৰ ভিত্তিত চি আই ডিয়ে আৰম্ভ কৰা অভিযানত শনিবাৰে নলবাৰীত জালত পৰিছিল এই প্রবঞ্চক চক্ৰটোৰ এটা মাষ্টাৰমাইণ্ড গুণমণি বৈশ্য। তাৰ পাছতেই চি আই ডিয়ে আনকেইটা প্রবঞ্চককো গ্ৰেপ্তাৰ কৰে। জলসম্পদ বিভাগৰ চাকৰিৰ নামত বেহা চলোৱা এই প্রবঞ্চক চক্ৰটোৰ পৰা ভুৱা নিযুক্তি-পত্র উদ্ধাৰ হোৱাৰ লগতে জালিয়াতিৰে প্ৰস্তুত কৰা জলসম্পদ বিভাগৰ ছীল-মোহৰো জব্দ কৰা হৈছিল।

Share This