ডিজিটেল ডেস্ক : ৰাজ্যত বছৰৰ প্ৰথমটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ এই পর্যন্ত ৮খন জিলা বানৰ কবলত পৰিছে। আনহাতে, শতাধিক গাঁও প্লাবিত হোৱাৰ লগতে বহু স্থানত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। অৰুণাচল প্রদেশত অব্যাহত থকা জটিল বান পৰিস্থিতিৰ পৰিণতিত অসমৰ কেইবাখনো জিলাত নৈ-উপনৈসমূহৰ জলস্তৰ ফেনে-ফোটোকাৰে বৃদ্ধি পোৱাৰ লগতে বিপদসীমা অতিক্রম কৰিছে।
বানত এই পর্যন্ত চাৰিজন লোক সন্ধানহীন হৈছে। ইফালে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই আগন্তুক কেইবাদিনলৈ ৰাজ্যৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়াত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ ৮খন জিলা সম্প্রতি বানৰ কবলত পৰিছে। বানত সর্বাধিক আক্রান্ত হৈছে ধেমাজি জিলা। ইয়াৰ উপৰি লখিমপুৰ, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু বৰপেটা জিলাও বানত আক্রান্ত হৈছে। বঙাইগাঁও আৰু ধুবুৰী জিলাও নতুনকৈ বানৰ কবলত পৰিছে।
লক্ষণীয়ভাৱে ৰাজ্যৰ শতাধিক গাঁও ইতিমধ্যে প্লাৱিত হৈছে। ১৭ শতাধিক হেক্টৰ কৃষিভূমি সম্প্রতি বানৰ কবলত পৰিছে। ইফালে ২৫ সহস্রাধিক লোক এই পর্যন্ত বানত আক্রান্ত হৈছে। ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা বিভাগে কেইবাটাও হেল্পলাইন মুকলি কৰিছে। ইফালে, বতৰ বিজ্ঞান কেন্দ্রই ৰাজ্যত অনাগত চাৰি দিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী দিয়াত বান পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ৪খনকৈ জিলাত ৰেড এলার্ট জাৰি কৰিছে। আনহাতে, এখন জিলাত অ'ৰেঞ্জ এলার্ট আৰু ২০খন জিলাত ইয়েল্ল' এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু তামুলপুৰ জিলাত আগন্তুক চাৰি দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ৰেড এলার্ট জাৰি কৰিছে। ধুবুৰী জিলাত অ'ৰেঞ্জ এলার্ট আৰু দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত ইয়েল্ল' এলার্ট জাৰি কৰিছে।
লক্ষণীয়ভাৱে বতৰ বিজ্ঞান কেন্দ্রই এইকেইদিনত লখিমপুৰ, ধেমাজি, চিৰাং, কোকৰাঝাৰ, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাত আগন্তুক কেইবাদিনলৈ ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছে। ইফালে, বানাক্ৰান্ত জিলাসমূহৰ বন্যার্তক সাহায্য প্ৰদান কৰাৰ বাবে প্রশাসনে ব্যৱস্থা আৰম্ভ কৰিছে। কিন্তু এতিয়াও বহু লোকে বান সাহায্যৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই।