ৰহস্যভেদৰ পদক্ষেপ হার্ভার্ড মেডিকেল স্কুল, জার্মানিৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ, মৃত্যুৰ ক্ষণ নিৰ্ণয়ৰ আহিলা নির্মাণ

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : জন্মৰ দৰেই মানুহৰ মৃত্যুও কেতিয়া হ'ব ই এক ৰহস্যময় প্রশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই। অৱশ্যে, শেহতীয়াকৈ বিজ্ঞানীসকলে এই ৰহস্যৰ পাক খোলাৰ একেবাৰে কাষ চাপিছে। বিজ্ঞানীসকলে এনেকুৱা এবিধ বৈজ্ঞানিক সঁজুলিৰ বিকাশ কৰিছে যি মানুহৰ মৃত্যু কেতিয়া হ'ব সেই বিষয়ে জনাব পাৰিব। এই সঁজুলিবিধে মানুহৰ 'জেনম' বিশ্লেষণ কৰি এজন মানুহৰ জৈৱিক আয়ুষ কিমান দিনৰ আৰু শৰীৰে কিমান দিনলৈ লগ দিব তাৰ সঠিক তথ্য উলিয়াব পাৰিব। 

হার্ভার্ড মেডিকেল স্কুল আৰু জার্মানিৰ তহোকু বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত এই সঁজুলিবিধক লৈ কৰা অধ্যয়নৰ বিষয়ে নেচাৰ নামৰ বিজ্ঞান বার্তালোচনীখনত প্রকাশ পাইছে। এই প্রযুক্তি ছায়েন্স ফিকশ্যনক বাস্তৱলৈ ৰূপান্তৰ কৰাৰ এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হৈছে। এতিয়ালৈকে মানুহৰ আয়ুস কিমান হ'ব সেই বিষয়ে অনুমান কৰা হয় এজন মানুহৰ জন্মৰ পাছত কিমান বছৰ পাৰ হ'ল তাক লৈ। ইয়াক ক্রন 'লজিকেল বয়স বুলি কোৱা হয়। কিন্তু বিজ্ঞানীসকলে 'ট্রেন্সক্রিপ্ট মিক ক্লক' নামৰ এবিধ সঁজুলি তৈয়াৰ কৰিছে। এই সঁজুলিবিধে এজন মানুহে পাৰ কৰা বছৰ আৰু মাহৰ ভিত্তিত তেওঁ কিমান বছৰ জীয়াই থাকিব পাৰে সেই ভবিষ্যদ্বাণী নকৰে। ইয়াৰ পৰিৱৰ্তে শৰীৰৰ কোষবোৰৰ কাম কৰাৰ ধৰণৰ ভিত্তিত বায়'লজিকেল বয়স নির্ণয় কৰে। 

গৱেষকসকলে এই অধ্যয়নটো কৰাৰ বাবে চাৰিটা বিভিন্ন প্রজাতিৰ নিগনি, নিগনিৰ আন এটা সুকীয়া প্রজাতি, ৰিছেছ মাকাও বান্দৰ আৰু মানুহৰ প্ৰায় ১১,০০০ জিন এক্সপ্রেছন প্রফাইল অর্থাৎ ট্রেন্সক্রিপ্ট'মৰ গভীৰভাৱে অধ্যয়ন কৰে। বিজ্ঞানীসকলে শৰীৰৰ ২৫ বিধ সুকীয়া সুকীয়া কলাৰ অধ্যয়ন কৰে আৰু বয়স বৃদ্ধিৰ লগে লগে জীৱনকালক প্ৰভাৱিত কৰা পৰিৱৰ্তনসমূহৰ সময়ত কোনবিধ জিন সক্রিয় হৈ থাকে বা নিষ্ক্রিয় হৈ থাকে। 

উল্লেখযোগ্য যে বিজ্ঞানীসকলে ইয়াৰ আগতে মানুহৰ আয়ুসত চাউল কিমান সেই কথা জনাৰ বাবে এপিজেনিক ক্লকৰ ব্যৱহাৰ কৰিছিল। পুৰণি প্রযুক্তি ঘাইকৈ ডি এন এত সময় আৰু উত্তেজনাৰ কাৰণে হোৱা ৰাসায়নিক পৰিৱৰ্তনসমূহ যেনে মিথাইলেশ্যনৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। এই প্রক্রিয়াটোত ডি এন এৰ চাইট'চিন নিউক্লিয় 'টাইডৰ কাষতে গুৱানিন থকা অংশটোক লৈ অধ্যয়ন কৰা হৈছিল। পুৰণি প্ৰক্ৰিয়াটোৱে সদায় সঠিক ফল দিয়া নাছিল। ব্রিটেইনৰ বার্মিংহাম বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ডোজাৱাও পেড্রো ডি মেগলেয়ছৰ মতে, আগৰ ট্রেন্সক্রিপ্ট'মেটিক বায় 'মার্কাছ নির্ভুল নাছিল, কিন্তু নতুন অধ্যয়নে যেনেধৰণৰ সূক্ষ্ম আৰু সঠিক ফল দিছে তালৈ চাই ই পুৰণি প্রণালীটোক কঠিন প্রত্যাহ্বান জনাব পাৰে। এই নতুন প্রণালীটোৱে মানুহৰ শৰীৰৰ ভিতৰত চলি থকা কার্যকলাপসমূহৰ অধিক সঠিক গাঁথনি দাঙি ধৰিব পাৰে। এই অধ্যয়নটোত বিজ্ঞানীসকলে লাভ কৰা তথ্য মতে, শৰীৰৰ কোষসমূহে আয়ুষ দীঘল নে চুটি তাৰ ইংগিত দিয়ে। তেওঁলোকে অধ্যয়নটোৰ সময়ক দেখা পায় যে শৰীৰৰ ৰোগ প্ৰতিৰোধক কোষেই হওক বা ষ্টেম কোষেই হওক বা যকৃত অথবা মাংসপেশীৰ কোষেই হওক সকলো কোষতে বয়স বৃদ্ধি পোৱাৰ লগে লগে প্রায় একেধৰণৰ মলিকিউলাৰ পৰিৱৰ্তন হোৱা দেখা পোৱা যায়। এই অধ্যয়নটোৰ প্রতিবেদনৰ মুখ্য লেখক আলেকজেণ্ডাৰ ত্যছক 'ভস্কিয়ে কয় যে যিবিলাক কোষত স্বাস্থ্যৱান কোষৰ বিভাজন আৰু ঘা শুকুওৱাৰ লগত জড়িত জিন সক্রিয় হৈ থাকে সেইবিলাক লগে লগে বুঢ়া হ'বলৈ ধৰে। আনহাতে, যিবিলাক কোষত বিষ তথা আঘাত পোৱা আৰু কোষৰ মৃত্যুৰ সৈতে জড়িত জিনক অধিক সক্রিয় অৱস্থাত পোৱা যায় সেইবিলাক দ্রুতগতিত বৃদ্ধ হোৱা আৰু মৃত্যুৰ দিশে আগবঢ়া দেখা পোৱা যায়। কোনো এজন মানুহৰ শৰীৰৰ এই জিনবোৰৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে তেওঁৰ মৃত্যু কেতিয়া হ'ব সেই বিষয়ে অনুমান কৰিব পাৰি। 

প্ৰতিবেদনৰ জ্যেষ্ঠ লেখক বাদিম গ্লেডিছেভে কয় যে এই 'এজিং ক্লকে' ভৱিষ্যতে মানুহৰ ৰোগৰ চিকিৎসাৰ প্ৰণালী সলনি কৰি পেলাব আৰু ইয়াৰ সহায়ত চিকিৎসকে কোনো এজন ৰোগৰ জৈৱিক আয়ুষ অনুসৰি তেওঁৰ চিকিৎসা কৰিব পাৰিব। ইয়াত আটাইতকৈ ডাঙৰ সুবিধা হ'ব ঔষধৰ মানুহক লৈ কৰা পৰীক্ষাত। সাধাৰণতে প্রৌঢ়ত্ব প্ৰতিৰোধ কৰা ঔষধ বা থেৰাপীয়ে শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই কথা জনাৰ বাবে কেইবা বছৰ আনকি দশকৰো প্রয়োজন হয়, কিন্তু এই ট্রেন্সক্রিপ্টোমিক ক্লকৰ সহায়ত বিজ্ঞানীসকলে অতি কম সময়ৰ ভিতৰত এনেধৰণৰ ঔষধৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰিব। ফলত মানুহক লৈ কৰা ঔষধৰ পৰীক্ষাৰ সময়ো বহুখিনি হ্রাস পাব। বিজ্ঞানীসকলে অৱশ্যে এই কথাও স্পষ্ট কৰি দিয়ে যে এই সঁজুলিবিধ বর্তমান কেৱল গৱেষণাৰ কামতহে ব্যৱহাৰ কৰা হৈছে। প্রত্যক্ষভাৱে মানুহে ব্যৱহাৰ কৰিব পৰা এই সঁজুলিবিধৰ ইয়াৰ আন কেইবাটাও পৰীক্ষা বাকী আছে। 

আনহাতে, এই সঁজুলিৰ সহায়ত কেৱল প্রাকৃতিকভাৱে বয়স বৃদ্ধি কৰা আৰু ৰোগৰ কাৰণে হোৱা মৃত্যুৰ অনুমানহে কৰিব পাৰে। দুর্ঘটনা, দুর্যোগ বা আকস্মিকভাৱে হোৱা মৃত্যুৰ বিষয়ে আগতীয়াকৈ জনাব নোৱাৰে। কিন্তু এটা কথা ঠিক যে এই সঁজুলিবিধে আমাৰ শৰীৰটো অভ্যন্তৰীণভাৱে কিমান স্বাস্থ্যৱান হৈ আছে সেইটো জনাত সহায় কৰিব। ইয়াৰ লগতে কোনোধৰণৰ ৰোগ বা বাহ্যিক কাৰকে বাধাৰ সৃষ্টি নকৰিলে আমাৰ শৰীৰ কিমান দিন জীয়াই থাকিব সেই বিষয়ে জনাব পাৰিব।

Share This