এমাহৰ ভিতৰত নামৰূপ সাৰ কাৰখানাৰ আৱাস খালী কৰাৰ নিৰ্দেশ

dainik janambhumi July 14, 2026

ডিজিটেল ডেস্ক : নামৰূপ সাৰ কাৰখানাৰ নতুন গোট এ ভি এফ চি চি এল যেন দুর্যোগ হৈ পৰিছে নামৰূপৰ সহস্ৰাধিক জনতাৰ। প্রায় দুটা দশক ধৰি চলা এক গণ সংগ্ৰামৰ শেষত নামৰূপত সাৰ কাৰখানাৰ নতুন গোট স্থাপন হোৱাৰ সময়ত সাৰ কাৰখানাৰ আৱাসিক এলেকাৰ সহস্রাধিক ভাৰাতীয়াক এমাহৰ সময়সীমা বান্ধি দি সাৰ কৰ্তৃপক্ষই ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্রদান কৰে। এই নির্দেশ পোৱাৰ পাছতেই নামৰূপত এক বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে। মূলতঃ নামৰূপৰ আৰ্থ সামাজিক উন্নয়নৰ অভিধা হিচাপে বিবেচিত এই সহস্রাধিক পৰিয়ালৰ অবৰ্তমানত নামৰূপৰ শিক্ষা, সংস্কৃতি, বাণিজ্য এক গভীৰ সংকটলৈ যে গতি কৰিব এয়া ধুৰুপ। মূলতঃ সাৰ কাৰখানাৰ নতুন গোটত কাম কৰিবলৈ দেশৰ অন্য ঠাইৰ পৰা শ্রমিক মোতায়েন কৰাৰ বাবে এই ভাৰাতীয়া আৱাস গৃহসমূহ খালী কৰিবলৈ নিৰ্দেশ প্রদান কৰা হৈছে বুলি জনা হৈছে। 

কিন্তু, সহস্রাধিক শ্রমিক যদি বাহিৰৰ পৰা মোতায়েন কৰা হয় তেন্তে নামৰূপত থকা মানুহে উদ্যোগটো স্থাপনৰ ক্ষেত্ৰত কি ভূমিকা গ্রহণ কৰিব নতুবা দুটা দশকৰ সংগ্ৰামৰ অন্তত স্থাপন হোৱা উদ্যোগটোত বহিৰাগতৰ নিয়ন্ত্ৰণত থাকিব আৰু থলুৱা শ্রমিকসকল বঞ্চিত হ'ব নেকি বুলিও সন্দেহ প্রকাশ কৰা হৈছে। ইয়াৰ উপৰি শিক্ষাৰ নগৰী হিচাপে বিবেচিত নামৰূপত নিজৰ সন্তানক শিক্ষা প্রদান কৰিবলৈ বহু পৰিয়ালে আৱাসিক এলেকাত ভাৰাতীয়া হিচাপে বসবাস কৰি আছে। যিহেতু নৱম শ্ৰেণীৰ পঞ্জীয়ন ইতিমধ্যে হৈ গৈছে তেনেস্থলত নামৰূপ এৰি অন্য ঠাইলৈ স্থানান্তৰ হ'লে শিক্ষার্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ বিৰূপ প্ৰভাৱ পৰিব। উল্লেখ্য যে এখন মফচল নামৰূপত বর্তমান সহস্রাধিক লোকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ভাৰাঘৰৰ অভাৱ আৰু এই পৰিস্থিতিত আৱাসগৃহ এৰিবলৈ নিৰ্দেশ পোৱা আৱাসীসকল বিমোৰত পৰিছে। 

প্রথম পর্যায়ত আবাসিক এলেকাৰ নিউ কলনি আৰু ছেক্টৰ এফত এই নির্দেশ প্রদান কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ছেক্টৰ এ আৰু ছেক্টৰ বি এই নির্দেশ প্রদান কৰা হ'ব বুলি এক সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে। কালি প্রায় অর্ধ সহস্রাধিক আৱাসী নামৰূপ সাৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত একগোট হয় আৰু সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকলৈ বিভাগীয় বিষয়াৰ জৰিয়তে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰত সাৰ কর্তৃপক্ষক এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনায় আৰু নিকটৱৰ্তী অন্যান্য উদ্যোগিক চহৰ দুলীয়াজান আৰু ডিগবৈৰ দৰে এটা চেটেলমেন্ট অঞ্চল আৱাসীসকলক প্ৰদান কৰিবলৈ উল্লেখ কৰে।

Share This