নিৰ্বাচনৰ প্ৰাহ্মণত ৰাজ্যত দল বাগৰা ৰাজনীতিৰ ধুম, আজি কংগ্রেছত যোগ দিব অগপৰ পদত্যাগী নেতা জয়ন্ত খাউণ্ডে

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক: সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ৰাজনৈতিক দলবোৰত চিনাকি-অচিনাকি নেতা-কর্মীৰ প্ৰৱেশ-প্রস্থান ঘটিছে। বিশেষকৈ 'চিনাকি'ক ধৰি ৰাখিব নোৱৰা, কিন্তু 'অচিনাকি'ক ৰঙা দলিচা পাৰি আদৰিব বিচৰা জাতীয়তাবাদী আঞ্চলিক দল অগপক লৈয়ে এতিয়া সচেতন লোকৰ মাজত আলোচনা। কাৰণ বহু দিন ধৰি অগপৰ 'চিনাকি' বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে দল এৰাৰ পাছত আজি কংগ্রেছত যোগদান কৰিব। 

ইফালে এ আই ইউ ডি এফৰ হৈ ইমান দিনে সাম্প্রদায়িকতাৰে কাম কৰি অহা দলটোৰ পৰা শেহতীয়াকৈ নিলম্বিত বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু নিজামুদ্দিন চৌধুৰীয়েও একেটা দিনতে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ইতিমধ্যে প্রার্থিত্বৰ পৰা বঞ্চিত হৈ বা ভৱিষ্যৎ ৰাজনৈতিক অনিশ্চিয়তাৰ উমান পায়ে এটা দলৰ পৰা আন এটা দললৈ - নিশাটোৰ ভিতৰতে জাঁপ মাৰি বসন সলনি কৰিছে অনেক নেতাই। ৰঙানদী সমষ্টি অসম গণ পৰিষদে লাভ নকৰাৰ স্পষ্ট ইংগিত পোৱাৰ পাছত দলটোৰ জ্যেষ্ঠ নেতা তথা বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে ইতমধ্যে পদত্যাগ কৰিছে। - অগপত এজন চিনাকি নেতা ৰূপে নেতৃত্ব দি অহা খাউণ্ডে আজি দিল্লীত এ আই চি চিৰ নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব। 

উল্লেখযোগ্য যে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰা ভূপেন বৰাৰ বাবে বিহপুৰীয়া বা সমষ্টি পুনৰ গঠনৰ পাছত সৃষ্টি হোৱা ৰঙানদী আছুতীয়া কৰি ৰখাৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছত অগপৰ নেতৃত্বই সমষ্টিটো ধৰি ৰাখিব নোৱৰাটো নিশ্চিত হৈ পৰে। যাৰ বাবে অগপৰ হৈ ইমানদিনে কাম কৰি থকা 'চিনাকি' নেতাজনে আজি কংগ্ৰেছত যোগদান কৰিব। 

ইফালে, বৰাক উপত্যকাৰ এ আই ইউ ডি এফৰ সেনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে ৰাজ্যৰ ৰাজনীতিত মুছলমানৰ-ত্রাণকর্তা হৈ ৰাজনীতি কৰি আহিছিল। মুখ্যমন্ত্ৰীয়ে মিঞা মুছলমানসকলক - 'অচিনাকি' লোক বুলি উল্লেখ কৰি আহিছিল। আজি এই অচিনাকি নেতাসকলে অগপ নামৰ আঞ্চলিকতাবাদৰ ৰাশ্বিং মেচিনৰদ্বাৰা পৰিষ্কাৰ হোৱাৰ পাছত জাতীয়তাবাদৰ পোছাক পিন্ধিব। 

কালি বিধায়ক কৰিম উদ্দিন বৰভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে এ আই ইউ ডি এফ দল যেনেকে আছিল তেনেকে থাকিব। কংগ্ৰেছৰ বাবে ২২টামান সমষ্টিহে সুৰক্ষিত হৈ আছে। কংগ্ৰেছৰ ভোটৰ যি এজেঞ্চি আছিল, সেয়া ভাগি গ'ল। অগপত যোগ দিয়াৰ পাছত তেওঁ একপ্ৰকাৰ বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব বুলি সমষ্টিৰ সমৰ্থকসকলে কৈছে বুলিও উল্লেখ কৰে। জয়ন্ত খাউণ্ডৰ দলত্যাগ আৰু কৰিম উদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰীৰ যোগদানে আঞ্চলিক দল অগপত 'চিনাকি'ৰ প্ৰস্থান আৰু 'অচিনাকি'ৰ আগমন ঘটাৰ কথাই স্পষ্ট হ'ব।

Share This