ডিজিটেল ডেস্ক : মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ক্ষেত্ৰত কালি অসম বিধানসভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰা হয়। লোক সভাত নাৰী শক্তি বন্দন বিধেয়ক বাতিল হোৱাৰ পাছত কালি অসম বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে এক সংকল্প প্রস্তাৱ উত্থাপন কৰা হয়।
মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অজন্তা নেওগে কালি বিধানসভাৰ মজিয়াত এই চৰকাৰী সংকল্প প্রস্তাৱ উত্থাপন কৰে। দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী হোৱা উচিত বুলি উল্লেখ কৰি মন্ত্ৰী নেওগে এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে মহিলাসকলক ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক সকলো দিশতে পুৰুষৰ সমানে আগবঢ়াই নিব লাগিব। তেতিয়াহে এখন সমাজ সকলো দিশেৰে আগবাঢ়িবলৈ সক্ষম হ'ব। দেশৰ ৰাজনীতিত মহিলা শক্তিশালী ৰূপত নাই। মহিলা আৰু পুৰুষৰ ৰাজনৈতিক অধিকাৰো সমান নহয়।
লোক সভাত মহিলাসকলৰ আসন সংৰক্ষণৰ বাবে ২০২৬ চনত তিনিখনকৈ বিধেয়ক উত্থাপন কৰা হৈছিল। কিন্তু সকলো বিধেয়ক বাতিল হয়। কিন্তু লোক সভাত নহ'লেও বিধানসভাত ৰাজ্যই নিজে নাৰী শক্তিক আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব পাৰে। সেয়ে নাৰী শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সৰ্বাংগীণ বিকাশ তথা সৱলীকৰণ নিশ্চিতকৰণৰ উদ্দেশ্যে সমষ্টিৰ সীমা নির্ধাৰণ প্ৰক্ৰিয়া সম্পূর্ণ কৰাৰ পাছত দেশৰ সংসদ আৰু সকলো বিধানসভাৰ বাবে এক তৃতীয়াংশ আসন তাৎক্ষণিকভাৱে সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা প্ৰস্তাৱ কালি অসম বিধানসভাত আলোচনা কৰা নহ'ল যদিও এইবাৰৰ অধিৱেশনতে আলোচনা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বিধানসভাৰ বাহিৰত বহুকেইজন বিৰোধী বিধায়কে নাৰীৰ বাবে নি এক তৃতীয়াংশ আসন সংৰক্ষণৰ পোষকতা কৰিও তাৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সংযোজন কৰা বিষয়ৰ বিৰোধিতা কৰে।
উল্লেখযোগ্য যে লোক সভাত ২০২৩ চনতে সর্বসন্মতিক্রমে নাৰী শক্তি বন্দন বিধেয়ক গ্ৰহণ কৰি আইনত পৰিণত কৰিছিল। কিন্তু ২০২৬ চনৰ ১৬ এপ্ৰিলত এই আইনখনৰ সংশোধনৰ বাবে সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক ২০২৬, কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক আইন ২০২৬ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ আইন ২০২৬ শীর্ষক তিনিখনকৈ বিধেয়ক উত্থাপন কৰা হৈছিল। দুদিন ধৰি বিতৰ্কৰ অন্তত ১৮ এপ্রিলত মৌখিক ভোটত এই বিধেয়ক তিনিখন বাতিল হয়। কালি মন্ত্রী অজন্তা নেওগে এই বিধেয়ক দি তিনিখনৰ সপক্ষে বিধানসভাত সংকল্প প্রস্তাৱ উত্থাপন কৰিছিল।