ডিজিটেল ডেস্ক : সম্প্ৰতি কেৱল ভাৰতৰে নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰা এটা নাম হৈছে চি জে পি, অর্থাৎ ককৰ'চ (পঁইতাচোৰা) জনতা পার্টি। সামাজিক মাধ্যম এক্স আৰু ইনষ্টাগ্ৰামত চি জে পিৰ একাউণ্ট খোলাৰ পাছত বাৰিষাৰ বানৰ দৰে বৃদ্ধি পালে অনুগামী বা ফ'ল'ৱাৰৰ সংখ্যা।
এই চি জে পিৰ অনুগামীৰ সংখ্যা দেশৰ শাসক দল বিজেপিৰ সামাজিক মাধ্যমৰ অনুগামীতকৈও বৃদ্ধি পালে। আৰু ইয়াৰ সামাজিক মাধ্যম এক্সৰ একাউণ্ট কর্তৃপক্ষই বন্ধও কৰি দিলে। কিন্তু বৃহস্পতিবাৰে চিজেপিৰ এক্স হেণ্ডেল বন্ধ কৰি দিয়াৰ কেইঘণ্টামানৰ পাছতে এটা নতুন এক্স হেণ্ডেল 'ককৰ'চ ইজ বেক' দেখা গ'ল সামাজিক মাধ্যমত। সংবাদ প্রতিষ্ঠান বি বি চিৰ এটা লেখাৰ শিৰোনাম দিয়া হৈছে 'ইণ্ডিয়া হে'জ এ নিউ পলিটিকেল ছুপাৰষ্টাৰ- ককৰ'চ' (ভাৰতত এক নতুন ৰাজনৈতিক ছুপাৰষ্টাৰ দেখা গৈছে-পঁইতাচোৰা)।
এক্সলৈ কেইঘণ্টামানৰ পাছতে ঘূৰি আহি ককৰ'চ পাৰ্টিয়ে তেওঁলোকৰ সমালোচকক তাচ্ছিল্য কৰি দুটা প'ষ্ট শ্বেয়াৰ কৰে। এটাত কোৱা হৈছে- 'আপোনালোকে ভাবিছে আপোনালোকে আমাৰ পৰা পৰিত্ৰাণ পাব। হাঃ হাঃ হাঃ (এল অ' এল)। আনটোত ইনষ্টাগ্ৰামত তেওঁলোকৰ অনুগামী আৰু বিজেপিৰ অনুগামী তুলনা কৰা কিছু স্ক্রীনশ্বট দি কেপশ্যন লিখা হৈছে-'তেওঁলোকে আমাক ব্লক কৰাৰ কাৰণ।'
উল্লেখযোগ্য যে ভাৰতৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ এখন পীঠে এটা শুনানিৰ সময়ত ভাৰতৰ নিবনুৱাসকলক 'পঁইতাচোৰা' (ককৰ'চ) আৰু 'পৰজীৱী' (পেৰাছাইট) আখ্যা দিয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে (অৱশ্যে পাছত মুখ্য ন্যায়াধীশ সূর্যকান্তই তেওঁৰ কথা ভুলভাৱে প্রকাশ কৰা বুলি কৈছিল), আমেৰিকাৰ ব'ষ্টন বিশ্ববিদ্যালয়ত 'জনসম্পর্ক' বিষয়ত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্র অভিজিৎ দীস্কেয়ে পাছদিনা এক্সত এটা চি জে পি একাউন্ট খুলি ঘোষণা কৰিছিল 'সকলো পঁইতাচোৰাৰ বাবে এখন নতুন মঞ্চ।' ইয়াৰ অৰ্হতাত দিয়া হৈছিল-কর্মসংস্থানহীন, এলেহুৱা, একেৰাহে অনলাইনত থকা আৰু পেছাদাৰীভাৱে উচ্চ বাচ্য কৰাৰ দক্ষতা।' উক্ত দিন ধৰি চি জে পিৰ একাউণ্টত বহু প্রতিবাদী তথা চিন্তনীয় প'ষ্ট প্রকাশ পাইছে আৰু সেইবোৰে আলোচনাৰ মাজত স্থান পাইছে। পূর্বে আম আদমি পার্টিৰ সৈতে জড়িত দীপ্ক্কেৰ মতে ককৰ'চ জনতা পাৰ্টিৰ সামাজিক মাধ্যম এক্সত পূৰ্বৰটোত ২,০১,০০০ অনুগামী আছিল।
ইফালে, ভাৰতত বৃহস্পতিবাৰে চি জে পিৰ এক্স হেণ্ডেল ব্লক হয় যদিও তেওঁলোকৰ ইনষ্টাগ্রাম পেজত বৃহস্পতিবাৰে ১ কোটি ৪৩ লাখ অনুগামী সক্রিয় হৈ থাকে। মন কৰিবলগীয়া যে মেটা মালিকানাধীন ইনষ্টাগ্রামত শাসক বিজেপি দলৰ অনুগামীৰ সংখ্যা হৈছে প্রায় ৮৭.২ লাখ আৰু কংগ্ৰেছৰ ১ কোটি ৩০ লাখ। চি জে পিয়ে নিজকে 'তৰুণৰ বাবে, তৰুণৰ দ্বাৰা, তৰুণৰ ৰাজনৈতিক মঞ্চ বুলি অভিহিত কৰে। তেওঁলোকৰ শ্ল'গান হৈছে- ধৰ্মনিৰপেক্ষ, সমাজবাদী, গণতান্ত্রিক, এলেহুৱা।'
এই চি জে পি আৰম্ভ হোৱাৰ পাছত তেওঁলোকৰ প'ষ্টত দেখা গৈছে হাস্যৰস, মীম আৰু ৰাজনৈতিক বার্তা, যি লাখ লাখ মানুহক আকর্ষণ কৰিছে। তেওঁলোকৰ ইস্তাহাৰতো গুৰুতৰ ৰাজনৈতিক দাবীৰ সৈতে ব্যংগ দেখা যায়। তেওঁলোকৰ প্ৰস্তাৱবোৰৰ ভিতৰত আছে মুখ্য ন্যায়াধীশৰ অৱসৰৰ পাছত ৰাজ্যসভাৰ পদ নিষিদ্ধ, নির্বাচন আয়োগৰ বাবে শক্তিশালী জবাবদিহিতা, সংসদ আৰু কেবিনেটত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ, সংবাদ প্রতিষ্ঠানৰ মালিকানাত সংস্কাৰ আৰু কৰ্মসংস্থানৰ অধিকাৰ। প্ৰকৃততে তৰুণৰ এই আয়োজনে এক আন্দোলনৰে ৰূপ লৈছে। এই আন্দোলনৰ প্ৰতি সহমর্মিতা প্রকাশ কৰাসকলৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ আৰু কীৰ্তি আজাদ, অধিকাৰ কৰ্মী প্রশান্ত ভূষণ আৰু অঞ্জলী ভৰদ্বাজো। বেংগালুৰুৰ 'ডেইলী হান্ট' নামৰ সংবাদ প্রতিষ্ঠানে চি জে পিক 'নিবনুৱাৰ কণ্ঠ' আখ্যা দিছে।