ডিজিটেল ডেস্ক : পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান ৰীমা দাসে। ভিলেজ ৰকষ্টাৰৰ জৰিয়তে অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈ লৈ যাবলৈ সক্ষম হোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ-২ ছবিখনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিবলৈ সক্ষম হৈছে। এই ছবিখনৰ জৰিয়তে তেওঁ পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
এই ছবিখনৰ জৰিয়তে তেওঁ এইবাৰ জাৰ্মানিত অনুষ্ঠিত হোৱা ৪২সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফুৱেন ছবি মহোৎসৱত (আই এফ এফ এফ) শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। এই মহোৎসৱত শ্রেষ্ঠ মহিলা পৰিচালকৰ শিতানত অসম সন্তান ৰীমা দাস সন্মানিত হৈছে। বঁটা লাভৰ পাছত ৰীমা দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বঁটা কেৱল তেওঁৰ বাবে নহয়, তেওঁৰ দৰে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে।
লক্ষণীয় যে মহিলা চলচ্চিত্র নির্মাতাৰ বাবে আই এফ এফ এফ এখন বৃহৎ মঞ্চ হিচাপে পৰিচিত হৈ আহিছে। ইয়াৰ পূর্বে ভিলেজ ৰকষ্টাৰ্ছ -২ ছবিখন যোৱা বছৰ বুশ্বান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা বুটলিবলৈ সক্ষম হৈছিল। প্ৰণিধানযোগ্য যে ৰীমা দাসে এইপর্যন্ত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।