ডিজিটেল ডেস্ক: ৰীমা দাসৰ চিনেমা পুনৰ উজলিল বার্লিনেলত। বার্লিনেল ২০২৬ৰ দৰ্শকভর্তি প্রেক্ষাগৃহত ভূয়সী প্রশংসাৰে ৱৰ্ল্ড প্রিমিয়াৰ সম্পন্ন হয় যশস্বী চলচ্চিত্র নির্মাতাগৰাকীৰ শেহতীয়া চিনেমা 'নট এ হিৰ'ৰ।
ইফালে, অহা ৬ মার্চত চিনেমা হলত মুক্তি লাভ কৰিব ৰীমা দাসৰ আন এখন চিনেমা 'ভিলেজ ৰকষ্টাৰ্ছ-২'য়ে। 'ভিলেজ ৰকষ্টাৰ্ছ-২' হৈছে ৰীমা দাসৰ বহু প্রশংসিত চিনেমা 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ ছিকুৱেল। আনহাতে, 'নট এ হিৰ'ৰ প্রিমিয়াৰ সন্দৰ্ভত ৰীমা দাসে কয়- 'নট এ হিৰ'ই যুৱচাম দর্শকক সন্ধিগ্নতা আৰু আৱেগিক সম্পৰ্কৰে চিনেমাখনেৰে একাত্ম কৰিব বুলি আন্তৰিক বিশ্বাস আছে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে এই সংঘাতৰ সম্পূৰ্ণ সমাধান হৈছে। শিশুসকল প্রতীক বা পাঠশিক্ষা নহয়, বৰঞ্চ পূৰ্ণ পৰ্যায়ৰ ব্যক্তি- এই ধাৰণাৰে 'জেনেৰেশ্যন'ত হোৱা এই প্রিমিয়াৰক লৈ মই কৃতজ্ঞ। এইবাৰকে ধৰি ৰীমা দাসে বার্লিনেলত তৃতীয়বাৰলৈ অংশগ্ৰহণ কৰিছে।
'বুলবুল কেন ছিঙে' ২০১৯ত জেনেৰেশ্যন ফৰটিন প্লাছত বিশেষ উল্লেখ লাভ কৰিছিল। ২০২০ত ৰীমা দাসে একেটা শাখাৰ জুৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল। চিনেমাখনৰ কাৰ্যবাহী প্রযোজক আৰু ডাইৰেক্টৰ অব্ ফটোগ্রাফী আদিত্য বার্মাই কয়, 'জেনেৰেশ্যন শাখা'ৰ লগত জড়িত হ'বলৈ পোৱাটো এটা উপলব্ধি। সংবেদনশীল আৰু ভৱিষ্যদর্শী দৃষ্টিভংগীৰ ৰীমা দাসৰ অধীনত কাম কৰিবলৈ সুযোগ পোৱাটোৱে মোক মনত পেলাই যে চিনেমাই বিশুদ্ধতাৰ অনুভৱ দিয়ে। দৰ্শকৰ সৈতে চিনেমাখন ইয়াত চোৱাৰ দ্বাৰা কাহিনী কোৱাৰ প্ৰতি মোৰ ভালপোৱা পুনৰুজ্জীৱিত হৈছে।'
অভিনেত্রী সুকন্যা বৰুৱাই কয়, 'ৰীমা দাসৰ লগত কাম কৰিবলৈ পোৱাটো এটা বিৰল অভিজ্ঞতা। তেওঁ অভিনেতা-অভিনেত্রীসকলক সহজ কৰি দি প্রয়োজনীয় পৰিৱেশ দিয়ে। সংগীত পৰিচালক পল্লৱ তালুকদাৰে কয়- Not a Heroত সংগীত নিজেই এটা চৰিত্ৰ। ইয়াৰ বাবে সংযম আৰু আৱেগিক সততা লাগিব। এই যুটীয়া কৰ্ম মোৰ হৃদয়ত সদায় অংকিত হৈ ৰ'ব।
উল্লেখযোগ্য যে Flying River Films-এ প্রযোজনা কৰা এই চিনেমাখনত অকাংগা ফিল্ম এছিয়া আৰু ট্রেইন ট্রিপাৰ ফিল্মছ প্রযোজনা সহযোগী হিচাপে আছে। প্রিমিয়াৰৰ পূৰ্বে পেৰিছৰ বিপণন কোম্পানী এম এম এম ছেলছ-এ চিনেমাখনৰ বিশ্ব বিপণনৰ স্বত্ব ক্ৰয় কৰে। ৰীমা দাস, দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাপ্রাপক চলচ্চিত্র নির্মাতা, যি খিলঞ্জীয়া আৰু বাস্তৱধৰ্মী চিনেমা নির্মাণ কৰে।
২০২৪ত তেওঁ একাডেমি অব্ মোশ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্সৰ এগৰাকী সদস্য হয়। টৰ'ণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ 'Share Her Journey' শীর্ষক লিংগ সমতা অভিযানৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপেও তেওঁ সেৱা আগবঢ়াইছে। তেওঁৰ চিনেমা-'ভিলেইজ ৰকষ্টাৰ্ছ (২০১৭), 'বুলবুল কেন ছিং, (২০১৮), 'তৰা'জ হাজবেণ্ড' (২০২২) আৰু 'ভিলেজ ৰকষ্টাৰ্ছ ২' (২০২৪) সৰ্বমুঠ ১৫০খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে।