ডিজিটেল ডেস্ক : পকা অমিতা বৰ উপকাৰী ফল। পকা অমিতাত ভিটামিন A, C, পটাছিয়াম আৰু আঁহযুক্ত এক পুষ্টিকৰ ফল, যি হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ছাল উজ্জ্বল কৰাত সহায় কৰে। ইয়াত থকা 'পেপেন' এনজাইমে আমিষ খাদ্য সহজে হজম কৰে আৰু চকুৰ বাবেও উপকাৰী।
শিশুৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, বয়স্কসকলৰ অৰ্শৰ সমস্যাৰ পৰা ওজন হ্ৰাস কৰালৈকে বহু উপকাৰিতা আছে পকা অমিতাৰ। ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস পকা অমিতা চকুৰ বাবে উপকাৰী। বিটা কেৰটিনেৰে সমৃদ্ধ এই ফল ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাতিপুৱা খালী পেটত পকা অমিতা খালে পেটটো সুস্থ হৈ থাকিব আৰু পেটৰ বিভিন্ন সমস্যা নাইকিয়া হ'ব।
পকা অমিতাৰ প্ৰধান উপকাৰিতাসমূহ হ’ল:
হজম শক্তি বৃদ্ধি: অমিতাত থকা পেপেন এনজাইমে পাচনতন্ত্ৰ শক্তিশালী কৰে, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰে। শৌচ খোলোচা কৰে৷
ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন C-ৰ প্ৰাচুৰ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ছাল আৰু চুলিৰ যত্ন: ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন A-য়ে বয়সৰ চাপ কমায়, ছাল উজ্জ্বল কৰে আৰু শালমইনা নিৰাময়ত সহায় কৰে।
ওজন নিয়ন্ত্ৰণ: কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিসকলৰ বাবে ই এক উত্তম ফল।
চকুৰ স্বাস্থ্য: ভিটামিন A-ৰ উৎস হোৱা বাবে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত ই সহায় কৰে।
কৃমিৰ সমস্যা: পকা অমিতাৰ গুটি শুকুৱাই গুৰি কৰি মৌৰ সৈতে খালে কৃমিৰ সমস্যা দূৰ হয়।
কেঞ্চাৰ নিৰাময়: ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টযুক্ত পকা অমিতাই কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ নিৰাময় কৰে। মুখৰ সোৱাদ পুনৰ ঘূৰাই আনি ভোক বৃদ্ধি কৰে, পেট পৰিষ্কাৰ ৰাখে।
হৃদযন্ত্ৰৰ সুস্থতা: হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ। পটাছিয়ামে ভৰপূৰ এই ফল উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত সকলো সমস্যা নিয়ন্ত্ৰণ কৰে।
অন্ত্ৰ স্বাস্থ্য: এচিডিটি আৰু বদহজমৰ সমস্যা কমোৱাতো পকা অমিতাই সহায় কৰাৰ লগতে কলেষ্টেৰল আৰু ডায়েবেটিচৰ সমস্যা দূৰ কৰে।
উৎস: প্ৰাগ নিউজ ডিজিটেল