২৩ মে'ত দিল্লীত 'ৰাইজিং নর্থ ইষ্ট ইনভেষ্টমেন্ট ছামিট'

dainik janambhumi May 17, 2025

ডিজিটেল ডেস্ক : অহা ২৩ মে'ৰ দিনটো উত্তৰ-পূর্বাঞ্চলৰ বাবে ঐতিহাসিক দিন হিচাপে ইতিহাসৰ পাতত লিখা ৰ'ব। কিয়নো সেইদিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাইজিং নর্থ-ইষ্ট ইনভেষ্টমেন্ট ছামিট উদ্বোধন কৰি উত্তৰ-পূবৰ জনতাক কেইবাটাও ভাল খবৰ দিব। শুকুৰবাৰে গুৱাহাটীত এই কথা প্ৰকাশ কৰিছে ড' নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। 

সাংবাদিকৰ আগত তেওঁ কয় যে যোৱা এটা বছৰ ধৰি আমি এই সম্মলিনখন অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাই আছোঁ। ইতিমধ্যে দেশৰ নখন মহানগৰত সম্মিলনৰ বাবে ৰ'ড শ্ব' অনুষ্ঠিত কৰি বিনিয়োগকাৰীসকলক আমন্ত্রণ জনোৱা হৈছে। দেশৰ সকলো বিশিষ্ট উদ্যোগপতিয়ে এই সম্মিলনত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দি তেওঁ লগতে কয় 'এই সন্মিলনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত প্রায় আঢ়ৈ লাখ কোটি টকাৰ বিনিয়োগ হ'ব বুলি আমি আশা কৰিছোঁ।' 

আনহাতে, এই বিনিয়োগৰ ফলত উত্তৰ-পূৰ ৰূপ সলনি হ'ব বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে এয়া হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন সূর্যোদয়। প্রণিধানযোগ্য যে ড'নাৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এনেদৰে বিনিয়োগৰ বাবে ইয়াৰ পূৰ্বে কোনো সন্মিলনৰ আয়োজন কৰা নাছিল। সেয়েহে প্রথমবাৰৰ বাবে আয়োজিত এই সন্মিলনত অঞ্চলটোত বিনিয়োগৰ বাবে বহুসংখ্যক দেশী-বিদেশী বিনিয়োগকাৰী আগবাঢ়ি আহিব বুলি আশা কৰা হৈছে।

Share This